অসম

assam

ETV Bharat / city

বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

প্ৰায় দুমাহৰ দীঘলীয়া ব্যৱধানৰ পিছত বিগত বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ হয় (Lumding-Badarpur railway service resume) । চলিত মাহৰ সময়চোৱাতেই যিমান পাৰি সোনকালে এই খণ্ডত যাত্ৰীবাহী ৰেলসেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৷

Passenger train service is likely to start in Dima Hasao
বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

By

Published : Jul 14, 2022, 2:16 PM IST

গুৱাহাটী,14 জুলাই: বিগত কেবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত লামডিং মণ্ডলৰ লামডিং বদৰপুৰ পাৰ্বত্য অঞ্চলৰ ৬০ টাতকৈও অধিক পৰিলক্ষিত স্থানত পানী জমা আৰু ভূমিস্খলনৰ সৃষ্টি হৈছিল ৷ ইয়াৰ ফলস্বৰূপে বিভিন্ন অঞ্চলৰ ক্ষতিগ্ৰস্ত হোৱা ৰে’ল লাইনৰ ক্ষতিৰ বাবে যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ সেৱা বিগত মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বাতিল কৰা হৈছিল (Rail transport hit in Dima Hasao due to landslides) ।

বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

ৰে'লৱে বিভাগৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত অঞ্চলবোৰ পুনৰুদ্ধাৰ কৰা আৰু যিমান সম্ভৱ সোনকালে ৰে'ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সকলোবোৰ বাধা অতিক্ৰম কৰি সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱা হৈছিল । যাৰ ফলস্বৰূপে, প্ৰায় দুমাহৰ দীঘলীয়া ব্যৱধানৰ পিছত বিগত বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ হয় (Lumding-Badarpur railway service resume) ।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা লামডিং বদৰপুৰ পাৰ্বত্য খণ্ডত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

বুধবাৰে লামডিঙৰ পৰা এখন চেনীভৰ্তি ৰে’ল বদৰপুৰ অভিমুখে এই ৰে’লপথেৰে (Lamding Badarpur Agartala Broad gauge railway line) যাত্ৰা কৰে বুলি উত্তৰ পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই জানিব দিয়ে ৷ ইফালে আন এখন মালবাহী ৰে’ল মান্দেদিছাৰ পৰা ভৈৰবী ষ্টেচনলৈ (মিজোৰাম) ৰাওনা হৈছে ।

বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

ষ্টোন চিপস(stone chips), চাউল আদিৰ দৰে ব্যৱহাৰ্য সামগ্ৰী পৰিবহন কৰা অন্যান্য কেইবাখনো মালবাহী ৰে’ল সামগ্ৰী যোগানৰ ব্যৱধানটো পৰিপূৰণৰ অৰ্থে এই খণ্ডত চলাচল কৰোৱা হ’ব বুলি ৰে’লৱে বিভাগে জানিব দিয়ে । উত্তৰ পূব সীমান্ত ৰে’লৱে বিগত দুটা মাহৰ পৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পাৰ্বত্য খণ্ডৰ বিভিন্ন এলেকাত স্থবিৰ হৈ পৰা খালি মালবাহী ৰেকসমূহ পুনৰ ঘূৰাই অনাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে ।

ইয়াৰ দ্বাৰা অধিক সংখ্যক মালবাহী ৰে’ল পৰিচালনত সহায়ক হ’ব বুলি ৰে’লৱে বিভাগে জানিব দিয়ে । উল্লেখ যে, নেৰানেপেৰা বৰষুণৰ ফলত, ডিমা হাচাও জিলাৰ ৰে’লপথ আৰু আন পথসমূহ উভয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । পৰিণাম স্বৰূপে বিগত দুটা মাহৰ পৰাই দেশৰ বাকী অংশৰ সৈতে ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছিল পাৰ্বত্য অঞ্চলটোৰ ।

বুধবাৰৰ পৰা লামডিং বদৰপুৰৰ মাজত মালবাহী ৰেল সেৱা পুনৰ আৰম্ভ

ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু অসমৰ সমগ্ৰ বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলৰ বাবে পিঅএল সামগ্ৰীৰ সৈতে অন্যান্য বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহনৰ বাবে ৰে’ল হৈছে এক বৃহৎ সংখ্যক সামগ্ৰী পৰিবাহক ৷ এই সকলো দিশ বিবেচনা কৰি উত্তৰ পূব সীমান্ত ৰেলৱেই ক্ষতিগ্ৰস্ত এলেকাৰ জনসাধাৰণৰ বাবে দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি উন্নতৰূপত যোগান ধৰাৰ বাবে অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সামগ্ৰীৰ লোডিঙেৰে মালবাহী ৰে’লৰ চলাচল আৰম্ভ কৰিছে বিভাগটোৱে ।

আনহাতে উঃ পূঃ সীমান্ত ৰেলৱে চলিত মাহৰ সময়চোৱাতেই যিমান পাৰি সোনকালে এই খণ্ডত যাত্ৰীবাহী ৰেলসেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Passenger train service is likely to start in Dima Hasao) ।

লগতে পঢ়ক:Lumding-Badarpur railway service resume: দুমাহ পিছত লামডিং-বদৰপুৰ ৰেলপথত ৰে’লযাত্ৰা

ABOUT THE AUTHOR

...view details