গুৱাহাটী,৬ মে': নিৰ্বাচনত টিকট লাভ নকৰি বা টিকট লাভ নকৰিব বুলি আগতীয়াকৈ নিশ্চিত হৈ নিজৰ দল এৰি আন দলত যোগ দিয়া কিম্বা নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অথবা সততে নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ বাবে দল সলাই ফুৰা বহু নেতাক এইবাৰৰ নিৰ্বাচনত ৰাইজে গ্ৰহণ নকৰিলে । এইবাৰৰ নিৰ্বাচনী ফলাফলে এনে নেতাসকলক বুজাই দিলে যে, ভোটদাতা ৰাইজ তেওঁলোকৰ পক্ষত নাই । একালৰ মন্ত্ৰী, বিধায়ক, বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ সকলোকে ৰাইজে এইবাৰ এই কথা বুজাই দিলে । উদাহৰণস্বৰূপে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন অগপ নেতা আৰু পৰৱৰ্তী সময়ত তৃণমূল গণ পৰিষদৰ জন্ম দিয়া পুলকেশ বৰুৱাই এইবাৰ অসম জাতীয় পৰিষদত যোগ দি বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু লাভ কৰিলে তেনেই নগণ্য সংখ্যক ভোট । একেদৰে জ্যেষ্ঠ বিজেপি নেতা, বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালক এইবাৰ দলে নিদিলে টিকট । যাৰ ফলত ক্ষুব্ধ হৈ পালে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ফলাফল ঘোষণাৰ পিছত পালে লাভ কৰে মাত্ৰ ১১,২৫৪ টা ভোট (৬.৪১ শতাংশ) ।
ঠিক একেদৰে, এসময়ৰ অগপৰ নেতা, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই অগপ এৰি বিজেপিত যোগ দিছিল । বিজেপিয়ে আমুওৱাত সেইটো দলো ত্যাগ কৰি পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদত যোগ দি তেওঁৰ গৃহ সমষ্টি শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ কিন্তু অৱধাৰিতভাৱে তেওঁ পৰাজিত হ'ল । মুঠ ২৯,৮৪৯ টা (২০.৯৪ শতাংশ) ভোট লাভ কৰি ভূঞা থাকিল তৃতীয় স্থানতহে । এজেপিৰ আন এগৰাকী নেতা, প্ৰাক্তন অগপ নেতা, প্ৰাক্তন মন্ত্ৰী পবীন্দ্ৰ ডেকাই অগপ এৰি থৈ আহি পাটাছাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৯,৮৩১ টা (৮.৬৭ শতাংশ) ভোট লাভ কৰে ।
আনহাতে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গোপীনাথ দাসে এসময়ত কংগ্ৰেছ এৰি এআইইউডিএফত যোগ দি দলটোৰ বিধায়কো হৈছিল । পিছলৈ এআইইউডিএফ এৰি তৃণমূল কংগ্ৰেছত যোগ দি এইবাৰ পুনৰ বকো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও শোচনীয় পৰাজয় হ'ল, ভোট পালে মাত্ৰ ১২,৫৭১ টা (৬.১৩ শতাংশ) । ঠিক একেদৰে, এসময়ৰ অগপ চৰকাৰৰ মন্ত্ৰী আছিল জাগীৰোডৰ বুবুল দাস । পিছলৈ অগপ এৰি কংগ্ৰেছত যোগ দিয়ে আৰু নিৰ্বাচনৰ কিছু দিন পূৰ্বে কংগ্ৰেছকো বিদায় দি তেওঁ যোগদান কৰে এজেপিত । এজেপিৰ প্ৰাৰ্থী হিচাপে জাগীৰোডৰ পৰা প্ৰতিদ্বন্দ্বিতাও কৰে । কিন্তু ভোট লাভ কৰিলে ১২,৮১৫ টা (৬.৪৩ শতাংশ) ।