অসম

assam

ETV Bharat / city

ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ সংসদৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্তই নহ'ল - সকলো ৰাজনৈতিক দলেই ভোটৰ ৰাজনীতি কৰি আহিছে

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলেই ভোটৰ ৰাজনীতি কৰি আহিছে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষৰ মুখেৰে পুনৰ জনজাতিকৰণৰ বিষয়টোক লৈ ভিন্নজনে ভিন্ন কথাৰে ৰাইজক আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰিছে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

By

Published : Jan 31, 2021, 8:31 PM IST

গুৱাহাটী, ৩১ জানুৱাৰী: অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলেই ভোটৰ ৰাজনীতি কৰি আহিছে । বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অতি কৌশলেৰে চৰকাৰে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰিয়েই দায়িত্ব সামৰিছিল ।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষৰ মুখেৰে পুনৰ জনজাতিকৰণৰ বিষয়টোক লৈ ভিন্নজনে ভিন্ন কথাৰে ৰাইজক আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু বাস্তৱৰ ছৱিখন মুঠেও তেনেকুৱা নহয় । ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই অধিবেশনৰ কাৰ্যক্ৰমণিকাত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অন্তৰ্ভুক্তই নহ'ল ।

প্ৰাপ্ত তথ্য মতে সংসদৰ চলিত বাজেট অধিবেশনত জনজাতিকৰণৰ বিষয়টো উত্থাপন নোহোৱাটো নিশ্চিত । ইপিনে দিছপুৰৰ এক সুত্ৰই ই টিভি ভাৰতৰ আগত সদৰী কৰা মতে, ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ সদস্য চন্দন ব্ৰহ্মই অলপতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডাক সাক্ষাৎ কৰি সংসদৰ চলিত অধিবেশনৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত নহ'লেও পৰিপূৰকভাৱে পৰৱৰ্তী পৰ্যায়ত বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুৰোধ জনাইছিল । কিন্তু কোনো আশাব্যঞ্জক সহাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিদিলে ।

লগতে পঢ়ক:পাঁচ ৰাজ্যত একেসময়তে নিৰ্বাচন : কিন্তু বিজেপিৰ গুৰুত্ব অসমত কিয় ?

ABOUT THE AUTHOR

...view details