অসম

assam

By

Published : Jan 31, 2020, 8:08 PM IST

ETV Bharat / city

পৰেশ বৰুৱা আলোচনালৈ ! এয়া হিমন্তৰ অপপ্ৰচাৰঃ উপমন্যু

শান্তি আলোচনাত বহিবলৈ আলফা (স্বাধীন) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আহি আছে বুলি ব্যাপক চৰ্চা আৰম্ভ হোৱাৰ সময়তে এয়া মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ এক ৰাজনৈতিক অপপ্ৰচাৰ বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । হাজৰিকাৰ স্পষ্ট মন্তব্য -যেতিয়াই কোনো এক বিষয়ত ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তেতিয়াই জনতাৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ এইধৰণৰ কিছুমান ৰাজনৈতিক কূট-কৌশলত লিপ্ত হোৱাটো মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ পুৰণি অভ্যাস । যিসময়ত পৰেশ বৰুৱাই নিজে তেনে আলোচনাৰ সম্ভাৱনা নাকচ কৰিছে সেই সময়তে এই ধৰণৰ কথা বতৰা বিলাকৰ জৰিয়তে ৰাইজৰ দৃষ্টি আন দিশে নিবলৈ মন্ত্ৰীগৰাকীয়ে চেষ্টা চলাইছে বুলি তেওঁ কয় । কিয়নো এই সময়ত বড়ো চুক্তি বা ৰঞ্জন দৈমাৰীক ৰাজ আতিথ্য প্ৰদান কৰাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পৰেশ বৰুৱা আলোচনালৈ ! এয়া হিমন্তৰ অপপ্ৰচাৰঃ উপমন্যু
পৰেশ বৰুৱা আলোচনালৈ ! এয়া হিমন্তৰ অপপ্ৰচাৰঃ উপমন্যু

গুৱাহাটী, 31 জানুৱাৰীঃ শান্তি আলোচনাত বহিবলৈ আলফা (স্বাধীন) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আহি আছে বুলি ব্যাপক চৰ্চা আৰম্ভ হোৱাৰ সময়তে এয়া মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ এক ৰাজনৈতিক অপপ্ৰচাৰ বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । হাজৰিকাৰ স্পষ্ট মন্তব্য -যেতিয়াই কোনো এক বিষয়ত ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তেতিয়াই জনতাৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ এইধৰণৰ কিছুমান ৰাজনৈতিক কূট-কৌশলত লিপ্ত হোৱাটো মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ পুৰণি অভ্যাস । যিসময়ত পৰেশ বৰুৱাই নিজে তেনে আলোচনাৰ সম্ভাৱনা নাকচ কৰিছে সেই সময়তে এই ধৰণৰ কথা বতৰা বিলাকৰ জৰিয়তে ৰাইজৰ দৃষ্টি আন দিশে নিবলৈ মন্ত্ৰীগৰাকীয়ে চেষ্টা চলাইছে বুলি তেওঁ কয় । কিয়নো এই সময়ত বড়ো চুক্তি বা ৰঞ্জন দৈমাৰীক ৰাজ আতিথ্য প্ৰদান কৰাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পৰেশ বৰুৱা আলোচনালৈ ! এয়া হিমন্তৰ অপপ্ৰচাৰঃ উপমন্যু

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details