অসম

assam

By

Published : Apr 29, 2022, 6:17 PM IST

ETV Bharat / city

পল্লৱ গোপাল ঝাক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিযুক্তি

ৰাজ্য চৰকাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ (Guwahati Metropolitan Drinking Water and Sewerage Board) পৰিচালন সঞ্চালকৰ পদত নিযুক্তি দিয়া হৈছে । এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই পল্লৱ গোপাল ঝাক এই দায়িত্ব অৰ্পণ কৰে ৰাজ্য চৰকাৰে ৷

palllab-gopal-jha-appointed-as-md-of-guwahati-metropolitan-drinking-water-and-sewerage-board
পল্লৱ গোপাল ঝাক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্তি

গুৱাহাটী, 29 এপ্ৰিল : দুৰ্নীতিৰ অভিযোগত প্ৰশাসনিক বিষয়া এ সম্পথৰ গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন (Guwahati Metropolitan Drinking Water and Sewerage Board) সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে উপায়ুক্ত পল্লৱ গোপাল ঝাক (DC Pallava Gopal Jha) গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্তি দিয়ে । লগতে জাইকাৰ ঋণেৰে নিৰ্মাণ কৰি থকা কেন্দ্ৰীয় আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰো প্ৰকল্প সঞ্চালক ৰূপে পল্লৱ গোপাল ঝাক নিযুক্তি দিয়া হৈছে ।

উল্লেখ্য যে, পল্লৱ গোপাল ঝাই বৰ্তমান কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । এতিয়া আকৌ দুটাকৈ গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পিছত পল্লৱ গোপাল ঝাক আকৌ গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্ব দিছে । এনে পৰিপ্ৰেক্ষিতত চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিত নিমজ্জিত হৈ থকা গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম নতুনকৈ নিযুক্ত হোৱা গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাই কিদৰে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম আগঢ়ায় নিয়ে সেয়া সময়হে ক'ব ৷

পল্লৱ গোপাল ঝাক গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্তি

ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ শৰ্মাই কেন্দ্ৰীয় গুৱাহাটীৰ 5 হাজাৰ মানুহক আগন্তুক জুলাইত খোৱা পানী যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ উল্লেখ্য যে, গুৱাহাটী পানী যোগান প্ৰকল্পৰ 80 কোটিৰ ঠিকাৰ বিপৰীতে 10% কমিছন ঠিকাদাৰৰ পৰা এ সম্পথে দাবী কৰাৰ কথা ঠিকাদাৰসকলে অভিযোগ কৰিছিল ।

তাৰ পিছতেই ৰাজ্য চৰকাৰে বাধ্য হৈ ইয়াৰ তদন্তৰ ব্যৱস্থা কৰিছিল ৷ তাৰ পিছতেই এ সম্পথে গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰিছিল (A Sampath had resigned) ।

লগতে পঢ়ক :President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান

ABOUT THE AUTHOR

...view details