গুৱাহাটী, 13 জুলাইঃ গুৱাহাটী মহানগৰীত বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ। প্ৰতি ঘণ্টাত ২ৰ পৰা ৩ ছেন্টিমিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যোৱা ৭ জুলাইৰ পৰা ব্যাপক হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ইতিমধ্যে বন্ধ হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা ।
ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে । ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠাত ২৪ খনকৈ জিলা এতিয়া বাঢ়নী পানীৰ কবলত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গুৱাহাটীত যোৱা ৭ জুলাইৰ পৰাই ঘণ্টাত ৫ ৰ পৰা ৬ ছেন্টিমিটাৰকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰিছে। সোমবাৰে দিনৰ ১২ বজালৈকে ব্ৰহ্মপুত্ৰৰ নদী গুৱাহাটীত ৫০.৫৪ মিটাৰত বৈ আছিল অৰ্থাৎ বিপদ সীমাৰ পৰা ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী। ইফালে মাছখোৱাৰ লাচিত ঘাটত থকা পাৰ্কিং এলেকা সম্পূৰ্ণ ৰূপে ডুব গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। নদীৰ পাৰে পাৰে থকা পার্ক সমূহতো যি কোনো সময়ত প্ৰৱেশ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী।