গুৱাহাটী, ১০ ডিচেম্বৰ : বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহিত হোৱা দুবছৰ(Two years of Citizenship Amendment Act) সম্পূৰ্ণ হ'ল । এই বহু চৰ্চিত আইনখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ই ৷ আইনখনৰ সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে শুকুৰবাৰে কয় যে, "অসম আৰু অসমীয়া বিৰোধী নাগৰিকত্ব সংশোধনী ক’লা আইন গৃহিত হোৱাৰ আজি দুটা বছৰ অতিক্ৰম কৰিলে । বছৰ বাগৰি আছে যদিও অসম আৰু অসমীয়াক অন্ধকাৰত ৰাখি যিখন ক’লা আইন আমাৰ ওপৰত জাপি দিলে তাক কোনেও পাহৰিব নোৱাৰে ।
শইকীয়াই আইনখনৰ সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পাঁচজনকৈ তেজাল অসমীয়া যুৱকে প্ৰাণ হেৰুওৱালে । কিন্তু চৰকাৰে আজিলৈকে এজনো ছহিদৰ ঘৰলৈ গৈ তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি সান্তনা দিবলৈ সময় নাপালে ।