অসম

assam

ETV Bharat / city

বিজেপিৰ সহযোগী বাবেই AIUDF-এ দপদপনি দেখুৱাই আছে : বিৰোধী দলপতি - কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজৰ সংঘাত নতুন নহয়

সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ৰ । বিভিন্ন প্ৰকাৰে এ আই ইউ ডি এফ দলে বিজেপি চৰকাৰক সহায়-সমৰ্থন কৰি আহিছে বুলি মন্তব্য দলপতিগৰাকীৰ ।

opposition-leader-reacts-to-aiudf-partys-remarks-against-congress
বিৰোধী দলপতি দেবব্ৰত শইকীয়া

By

Published : Jun 19, 2022, 10:31 PM IST

গুৱাহাটী, ১৯ জুন:কেইবাটাও নিৰ্বাচনত মিত্রতা কৰিলেও কিন্তু কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজৰ সংঘাত নতুন নহয় । দুয়োটা দলেই পৰস্পৰে পৰস্পৰক প্ৰায়ে আক্ৰমণ কৰা পৰিলক্ষিত হয় । শেহতীয়াকৈ এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা কেতবোৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া(Opposition leader Debabrata Saikia)ই ।

তেওঁ কয় যে, এআইইউডিএফ দল বিজেপিৰ সহযোগী বাবেই বৰ্তমান কিছু দপদপনি দেখুৱাই আছে । বিগত সময়চোৱাত বিভিন্ন প্ৰকাৰে এআইইউডিএফ দলে বিজেপি চৰকাৰক সহায়-সমৰ্থন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত দেখুৱাবৰ বাবেই বিজেপিৰ বিৰোধিতা কৰে ।

বিৰোধী দলপতি দেবব্ৰত শইকীয়া

এনেকুৱা দললৈ প্ৰকৃত বিৰোধী যাব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে কংগ্ৰেছ দলে সংবিধানৰ আধাৰত সাধাৰণ জনতাৰ স্বাৰ্থত বিৰোধীৰ ভূমিকা পালন কৰি আহিছে(Debabrata Saikia Comment on BJP and AIUDF) । এআইইউডিএফ আৰু বিজেপিৰ মিলা-প্ৰীতিৰ তথ্য প্ৰমাণেই স্পষ্ট কৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক :টিংপাতৰ কেলেংকাৰী : বিটিআৰত ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকা হজম কৰিলে কোনে ?

ABOUT THE AUTHOR

...view details