গুৱাহাটী, ২১ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ সময়চোৱাত দেশৰ বিভিন্ন কাৰাগাৰত বন্দীসকলক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে । এই নিৰ্দেশ মৰ্মে অসমত প্ৰায় ৭২২ গৰাকী কাৰাবন্দী মুকলি কৰি দিছে অসম চৰকাৰে। কিন্তু বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তথা আহ্বান স্বত্বেও এতিয়ালৈকে মুকলি কৰি দিয়া নাই কাৰাবন্দী কৃষক নেতা অখিল গগৈক ।
অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ - Oppn leader demand release
অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ।
অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
এনে সংকটৰ সময় কৃষক নেতাগৰাকীক কাৰাগাৰৰ পৰা মুক্তিৰ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । মানৱীয়তাৰ খাতিৰত অখিল গগৈক মুকলি কৰাৰ আহ্বান জনাই বিৰোধী দলৰ দলপতিগৰাকীয়ে ।