গুৱাহাটী, ২৮ অক্টোবৰ:ইটোৰ পিছত সিটো বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰীয়ে বাৰুকৈয়ে অস্বস্তিত পেলাইছে বিজেপি দল আৰু চৰকাৰক । বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিগত চাৰে চাৰি বছৰীয়া শাসনকালত বাৰম্বাৰ সৃষ্টি হৈছে এনে বিতৰ্ক আৰু কেলেংকাৰী । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, শক্তি বিভাগ, জনসংযোগ বিভাগ, জলসিঞ্চন বিভাগ, গৃহ বিভাগ আদিত বিগত চাৰে চাৰি বছৰে ধাৰাবাহিকভাবে সংঘটিত হৈ আহিছে নিযুক্তি কেলেংকাৰী । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় ৯০০ টা পদৰ বাবে ২০১৯ ত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । সেই পৰীক্ষাৰ ফলাফল দেখি বহু মেধাবী প্ৰাৰ্থীৰ লগতে সচেতন লোকৰো চকু কপালত উঠিছিল । কিয়নো সেই তালিকা ভৰি আছিল বিজেপি নেতা, মন্ত্ৰী-বিধায়কৰ আত্মীয়ৰ নামেৰে ।
একেদৰে জনসংযোগ বিভাগতো নিযুক্তিৰ নামত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী । পৰৱৰ্তী সময়ত জলসিঞ্চন বিভাগৰ পাঁচশৰো অধিক পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ল যে সমস্ত বিষয়টোৱেই ন্যায়ালয়ৰ মজিয়া পালেগৈ । উত্তৰ প্ৰদেশৰ ব্লেক লিষ্টেড এটা কোম্পানীক চৰকাৰে এই পৰীক্ষা পাতিবলৈ দায়িত্ব দিছিল । আনহাতে, শেহতীয়াকৈ আৰক্ষী বিভাগৰ পৰীক্ষাত সৃষ্টি হোৱা ভয়ংকৰ কেলেংকাৰীয়ে দিছপুৰ পৰ্যন্ত জোকাৰি গ'ল । আৰক্ষীৰ প্ৰশ্নকাকত কেলেংকাৰীত দিছপুৰৰ বহু বাঘা বাঘা নেতা যে জড়িত সেই কথা দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰা স্বত্বেও সেইসকলক তদন্তৰ আওতাত সামৰি লোৱা নহ'ল ।