অসম

assam

ETV Bharat / city

কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ বৈজয়ন্ত জয় পাণ্ডা - অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন তিনিখন কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৷ জয় পাণ্ডাই বৃহস্পতিবাৰে কয় যে, এয়া প্ৰথমবাৰ নহয় যেতিয়া গেৰুৱা দলৰ বিৰুদ্ধে ভুল তথ্য বিয়পোৱা হৈছে ৷

Oppn's misinformation campaign not new: Panda
কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ বৈজয়ন্ত জয় পাণ্ডা

By

Published : Dec 17, 2020, 10:06 PM IST

গুৱাহাটী,১৭ ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন তিনিখন কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৷ জয় পাণ্ডাই বৃহস্পতিবাৰে কয় যে,এয়া প্ৰথমবাৰ নহয় যেতিয়া গেৰুৱা দলৰ বিৰুদ্ধে ভুল তথ্য বিয়পোৱা হৈছে ৷

কৃষি বিলক লৈ ভুৱা তথ্য বিয়পোৱা সকলৰ বিৰুদ্ধে সৰৱ বৈজয়ন্ত জয় পাণ্ডা

"বিপক্ষত একাংশ দল আৰু ব্যক্তি আছে যিসকলে মানুহৰ সৈতে সম্পৰ্ক হেৰুৱাইছে। তেওঁলোকে বাৰে বাৰে মোদী চৰকাৰৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি আহিছে । যদি আপোনালোকৰ মনত আছে আমি দশক দশক ধৰি সীমাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছো । অন্যান্য চৰকাৰে একো নকৰিছিল কিন্তু যেতিয়া তিনি বছৰ আগতে আমাৰ চৰকাৰে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ৷ আজি কৃষকৰ নামত প্রতিবাদ কৰি থকা এই সকল লোকেই অভিযোগ কৰিছিল যে এনে কোনো ছাৰ্জিকেল ষ্ট্ৰাইক হোৱা নাই।"

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ বুধবাৰে অসমত আহি উপস্থিত হৈছিল।

লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

ABOUT THE AUTHOR

...view details