অসম

assam

ETV Bharat / city

ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত বহুসংখ্যক মূৰ্তি উদ্ধাৰ হোৱাৰ পাচতে দেওবাৰে মূৰ্তিৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে অভিযান চলায় ৷ দেওবাৰেও দুটাকৈ মূৰ্তি উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷

By

Published : Dec 1, 2019, 3:13 PM IST

দেওবাৰে দুটা মূৰ্তি উদ্ধাৰ
ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

গুৱাহাটী, 1 ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ বুকুত পিতল আৰু অস্ত ধাতুৰ 41 টাকৈ মূৰ্তি উদ্ধাৰ হোৱাৰ পাচত দেওবাৰে এছডিআৰএফ বাহিনীৰ এটা দলে মূৰ্তিৰ সন্ধানত অভিযান চলায় ৷ দেওবাৰে চলোৱা এই অভিযানত পূজাৰ সামগ্ৰীৰ লগত উদ্ধাৰ কৰা হয় দুটাকৈ মূৰ্তি ৷

ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ্তি উদ্ধাৰ
ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

উল্লেখযোগ্য যে, উমানন্দ মন্দিৰলৈ যোৱা ঘাটত শনিবাৰে উদ্ধাৰ হৈছিল হিন্দু দেৱ-দেৱীৰ পিতল আৰু অস্ত ধাতুৰ মূৰ্তি ৷ উমানন্দ ঘাটৰ সমীপতে থকা ত্ৰিশূল হোটেলৰ কৰ্মচাৰী চানু আলিয়ে 12:30 বজাত গা ধুবলৈ গৈ উদ্ধাৰ কৰিছিল এটা শ্ৰীকৃষ্ণৰ মূৰ্তি ৷ এই কথা মালিকক অৱগত কৰোৱাত চানু আলি আৰু অন্য এজন লোক পুনৰ নদীত নামি কালী, লক্ষ্মী, বিষ্ণু, শিৱ, গণেশ, ব্ৰহ্মা, দুৰ্গাকে ধৰি প্ৰায় 35 বিধ মূৰ্তি উদ্ধাৰ কৰে ৷ শনিবাৰে সন্ধিয়া লৈ এছডিআৰএফৰ এটা দলে অভিযান চলাই মুঠ 41 টাকৈ মূৰ্তি উদ্ধাৰ কৰে ।

ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে যে, মহানগৰীৰ আশে-পাশে থকা মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তিসমূহ দুৰ্বৃত্তই ধৰা পৰাৰ ভয়ত এনেদৰে পেলাই দিছে ।

আৰু পঢ়ক : মানকাচাৰত ভয়াবহ অগ্নিকাণ্ডঃ বহু নথি-পত্ৰ ভস্মীভূত

For All Latest Updates

ABOUT THE AUTHOR

...view details