অসম

assam

ETV Bharat / city

মহানগৰত অচিৰেই চলিব অস্বাস্থ্যকৰ পানীৰ বটল কাৰখানাৰ বিৰুদ্ধে অভিযান

এইবাৰ অস্বাস্থ্যকৰ পানীৰ বটলৰ বিৰুদ্ধে অভিযান চলিব মহানগৰ জিলা প্ৰশাসনৰ (Operation against unhealthy water bottle factories) ৷ অচিৰেই চক্ৰ বিষয়া, ‘ফুড চেফটি’ বিষয়া, আৰক্ষীৰ দ্বাৰা গঠিত টাস্ক ফৰ্চে মহানগৰৰ বিভিন্ন প্ৰান্তত অবৈধ পানীৰ বটল পেকেজিঙৰ বিৰুদ্ধে অভিযান চলাব বুলি সদৰি কৰে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

kamrup-metro-dc-office-meeting
মহানগৰত অচিৰেই চলিব অস্বাস্থ্যকৰ পানীৰ বটল কাৰখানাৰ বিৰুদ্ধে অভিযান

By

Published : Feb 15, 2022, 10:33 PM IST

গুৱাহাটী, 15 ফেব্ৰুৱাৰী :এইবাৰ কামৰূপ মহানগৰ জিলাত বিভিন্ন প্ৰান্তত গঢ়ি উঠা অবৈধ আৰু অস্বাস্থ্যকৰ পানীৰ বটল ‘পেকেজিঙ’ কাৰখানাৰ বিৰুদ্ধে চলিব কামৰূপ মহানগৰ জিলাৰ প্ৰশাসন অভিযান (Operation against unhealthy water bottle factories) ৷ মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত এই কথা সদৰি কৰে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই (DC Pallav Gopal Jha) ৷

উপায়ুক্তগৰাকীয়ে কয় যে, অচিৰেই চক্ৰ বিষয়া, ‘ফুড চেফটি ’ বিষয়া, আৰক্ষীৰ দ্বাৰা গঠিত টাস্ক ফৰ্চে মহানগৰৰ বিভিন্ন প্ৰান্তত অবৈধ পানীৰ বটল পেকেজিঙৰ বিৰুদ্ধে অভিযান চলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে, এই সভাত মহানগৰীৰ কৃত্তিম বানৰ সম্ভাৱনীয়তা আৰু ইয়াৰ ফলত হোৱা ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়েও বিতং আলোচনা কৰা হয় ।

ইয়াৰোপৰি, ৰাজহ চক্ৰসমূহত পূৰ্বতে ব্যৱস্থা কৰা বান শিবিৰসমূহৰ অৱস্থা সম্বন্ধে বুজ লোৱাৰ উপৰিও এই সভাৰ জৰিয়তে কৃত্ৰিম বানপানীৰ সময়ত জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ বাবে ফুটপাথৰ ‘মেনহোল’ আদিৰ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ লোকনিৰ্মাণ বিভাগক দায়িত্ব ন্যস্ত কৰে উপায়ুক্তগৰাকীয়ে । লগতে বিদ্যুৎ, বন, পশুধন আৰু চিকিৎসা, কৃষি আদি বিভাগসমূহকো নিজৰ কৰণীয় দায়িত্ব আগতীয়াকৈ পালনৰ বাবে উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ।

আনহাতে, উজান বজাৰৰ আশে-পাশে ব্ৰহ্মপুত্ৰৰ বুকুত কিবা দুৰ্ঘটনা হ’লে উদ্ধাৰ অভিযানৰ যাতে বিলম্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে সভাত এতিয়াৰে পৰা দুটাকৈ এচ ডি আৰ এফৰ দল উজান বজাৰ ঘাটত সদায় সষ্টম হৈ থাকিবলৈ অনুৰোধ কৰে । উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, উপ আৰক্ষী আয়ুক্ত হৰেকৃ্ষ্ণ নাথ, চক্ৰ বিষয়াসকলৰ উপৰি এন ডি আৰ এফ, এচ ডি আৰ এফ, জল সম্পদ, স্বাস্থ্য, লোক নিৰ্মাণ, বন, কৃষি আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Majuli assembly by-election: ৰাজীৱ লোচন পেগুলৈ দুখ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

ABOUT THE AUTHOR

...view details