অসম

assam

ETV Bharat / city

মহানগৰীৰ ভূতনাথত ৰেলৰ খুণ্ডাত প্ৰাণ গ'ল এজন যুৱকৰ

শনিবাৰে মহানগৰীৰ ভূতনাথত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । ৰে'লৰ খুন্দাত নিহত হ'ল এজন স্থানীয় যুৱক । ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

By

Published : Jul 11, 2020, 9:14 PM IST

one death on railway track at bhutnath
মহানগৰীৰ ভূতনাথত ৰেলৰ খুণ্ডাত প্ৰাণ গ'ল এজন যুৱকৰ

গুৱাহাটী, ১১জুলাই: শনিবাৰে মহানগৰীৰ ভূতনাথত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । ৰে'লৰ খুন্দাত নিহত হ'ল এজন স্থানীয় যুৱক । মৃত যুৱকজন শান্তিপুৰৰ বাবুল আলী বুলি চিনাক্ত কৰা হৈছে । ৰে'লপথ অতিক্ৰম কৰিব লওঁতেই এখন মালবাহী ৰে'লে খুন্দিয়াই যুৱকজনক ।

ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এই শোকাবহ ঘটনাৰ পাছতেই শান্তিপুৰ অঞ্চলত পৰিছে শোকৰ ছাঁ ।

লগতে চাওকঃ জম্মুৰ বান্দীপোৰ জিলাত বিজেপি নেতাৰ হত্যা সন্দৰ্ভত তালাচী অভিযান

ABOUT THE AUTHOR

...view details