অসম

assam

ETV Bharat / city

চাৰি নৱ নিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ, প্ৰথম দিনাই সদন ত্যাগ বিৰোধী পক্ষৰ - নৱ নিৰ্বাচিত বিধায়কৰ শপত পাঠ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন ৷ 6 ডিচেম্বৰলৈকে চলিবলগীয়া শীতকালীন অধিবেশনৰ প্ৰথম দিনাই সদন ত্যাগ বিৰোধীৰ ৷

শপত গ্ৰহণ চাৰি নৱ নিৰ্বাচিত বিধায়কৰ
শপত গ্ৰহণ চাৰি নৱ নিৰ্বাচিত বিধায়কৰ

By

Published : Nov 28, 2019, 10:52 AM IST

গুৱাহাটী, 28 নৱেম্বৰঃ 28 নৱেম্বৰৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । 6 ডিচেম্বৰলৈকে চলিবলগীয়া শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিগত উপ নিৰ্বাচনত বিজয়ী হোৱা চাৰিগৰাকী নৱ-নিৰ্বাচিত বিধায়ক ক্ৰমেঃ সোণাৰি সমষ্টিৰ নৱনীতা সন্দিকৈ, ৰাতাবাৰীৰ বিজয় মালাকাৰ, জনিয়াৰ ৰফিকুল ইছলাম আৰুৰঙাপাৰা সমষ্টিৰ ৰাজেন বৰঠাকুৰৰ শপতগ্ৰহণ ৷ চাৰিওগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাই অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

সদনত শপত পাঠ চাৰি নৱ নিৰ্বাচিত বিধায়কৰ

অৱশ্যে শপত গ্ৰহণৰ পিছতে প্ৰশ্নোত্তৰ কাল আৰম্ভ হয় যদিও বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে "কেব" ক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে সদনত । হাতে হাতে প্লে' কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ কাষলৈ আহি বিৰোধী বিধায়ক সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে ।

অধ্যক্ষই বাৰম্বাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ পিছত এনে ধৰণৰ আচৰণ কৰাৰ পৰা বিৰত থাকিবলৈ বিৰোধী বিধায়ক সকলক নিৰ্দেশ দিয়ে যদিও বিৰোধীয়ে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে ত্যাগ কৰে সদন ৷

ABOUT THE AUTHOR

...view details