অসম

assam

ETV Bharat / city

বিধায়ক কিনা বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুৰ সম্মুখত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ - শিৱসেনাৰ বিসম্বাদী বিধায়ক

বিধায়কৰ কিনা-বেচাক লৈ সৰৱ এনএছইউআইৰ(Maharashtra Political Crisis) । ৰেডিশ্বন ব্লুৰ সন্মুখত উত্তাল প্ৰতিবাদ এনএছইউআইৰ সমৰ্থকৰ(NSUI protest in Radisson Blu Guwahati) । আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ।

বিধায়ক কিনা বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুৰ সম্মুখত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ
বিধায়ক কিনা বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুৰ সম্মুখত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

By

Published : Jun 23, 2022, 2:33 PM IST

গুৱাহাটী, 23 জুন :গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বোৱাৰ সময়তে বৃহস্পতিবাৰে দিনত তৃণমূল কংগ্ৰেছে ৰেডিশ্বন ব্লুৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে এন এছ ইউ আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(NSUI protest in front of radisson blu in guwahati) । এন এছ ইউ আইৰ ৰাজ্যিক উপ সভাপতি ৰক্তিম দত্তৰ নেতৃত্বত এন এছ ইউ আইৰ প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা বিভিন্ন বিৰোধী শ্ন’গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

এন এছ ইউ আইৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰেডিশ্বন ব্লুৰ সম্মুখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে ৰছী টানি দিয়া বেৰেকেডৰ সহায়ত বাধা দিয়ে । আৰক্ষীয়ে এন এছ ইউ আইৰ ৰাজ্যিক উপ-সভাপতি ৰক্তিম দত্তৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই বাছেৰে তাৰ পৰা লৈ যায় । এন এছ ইউ আইৰ ৰাজ্যিক উপ সভাপতি ৰক্তিম দত্ত বি জে পি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

তেওঁ বিজেপিক বিধায়ক কিনা-বেচা কৰাৰ বাবে সমালোচনা কৰে । তেওঁ বিধায়ক কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰে । উল্লেখ যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ 45 আৰু নিদলীয় 8 গৰাকী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । তৃণমূল কংগ্ৰেছ আৰু এন এছ ইউ আইৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ৰেডিশ্বন ব্লুৰ চৌপাশে আৰক্ষী আৰু চি আৰ পি এফৰ কটকটীয়া নিৰপাত্তা বেষ্টনী গঢ়ি তুলিছে ।

লগতে পঢ়ক :বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details