অসম

assam

ETV Bharat / city

PPE Kit controversy: মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী NSUI ৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্থ আখ্যা NSUIৰ

সোমবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি NSUI য়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্থ আখ্যা দি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনায় (NSUI demands Resignation of Assam CM) ৷

NSUI demands Resignation of Assam CM
PPE Kit controversy: মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী NSUIৰ

By

Published : Jun 6, 2022, 8:49 PM IST

গুৱাহাটী, 6 জুন:সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম ৰাজ্যিক এন.এছ.ইউ.আই' (National Students' Union of India) ৰ সভাপতি কৃশাণু বৰুৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্থ আখ্যা দি তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ বাবে দাবী জনায় (NSUI demands Resignation of Assam CM) ৷

তেওঁ কয়, "আমি অসম ৰাজ্যিক এন.এছ.ইউ.আইয়ে ক’ভিড মহামাৰীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী জনাইছো ৷ আমি তথাকথিত দুর্নীতিবিৰোধী বিজেপি নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈ আহ্বান জনাইছো " ।

লগতে মঙলবাৰৰ পৰা অসম ৰাজ্যিক এন এছ ইউ আই'ৰ বিভিন্ন জিলাৰ গোটে ন্যায্যতা নোহোৱালৈকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনায় সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :পিপিই কিট্ বিতৰ্কৰ CBI তদন্তৰ দাবী অখিল গগৈৰ; পীযুষ হাজৰিকাকো কটাক্ষ

সংবাদমেলত সভাপতি কৃশাণু বৰুৱাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা সামাজিক মাধ্যমত মুকলিভাৱে কৈছিল যে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ কভিড-১৯ ৰ সংকটৰ লগত মোকাবিলা কৰিবলৈ চীনৰ পৰা ব্যক্তিগতভাৱে দেশৰ ভিতৰত অসমে প্ৰথম ৫০,০০০ পি.পি.ই কিট ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল । অৱশ্যে, শেহতীয়াকৈ পোৱা তথ্য অনুসৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ (এন.এইচ.এম) ৰাজ্যিক অধ্যায়ৰ পৰা পোৱা আৰ.টি.আইৰ এক উত্তৰত স্পষ্টকৈ গম পোৱা গৈছে যে, মহামাৰী সম্পৰ্কীয় কোনো পি.পি.ই কিট ক্ৰয় কৰা হোৱা নাছিল (PPE Kit controversy) ৷

লগতে তেওঁ কয়, "আৰ.টি.আইৰ তথ্যত কভিড-১৯ মহামাৰীৰ সময়ত জৰুৰীকালীন চিকিৎসা সামগ্ৰী যোগানৰ দায়িত্ব দিয়া হৈছিল চাৰিটাকৈ প্ৰতিষ্ঠানক, যাৰ ভিতৰত তিনিটাই আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক সহযোগীসকলৰ সৈতে সম্পৰ্কিত (PPE kit scam in Assam) ।

লগতে পঢ়ক :PPE Kit controversy: মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী আম আদমি পাৰ্টিৰ

ABOUT THE AUTHOR

...view details