গুৱাহাটী, 3ডিচেম্বৰঃমঙলবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত NSUI আৰু যুৱ কংগ্ৰেছৰ সংবাদমেল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত সংবাদমেল । বিশ্ববিদ্যালয়খনৰ ভয়ংকৰ জালিয়াতি উদঙাইছিল CAG য়ে । অনুমতি অবিহনে 21 টা বিষয়ৰ পাঠ্যক্ৰম খুলি 40 কোটি টকা শৰাধ কৰাৰ অভিযোগ পোহৰলৈ আহিছিল কেগৰ প্ৰতিবেদনত । কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আইডলৰ ডিগ্ৰী প্ৰযোজ্য নহ'ব বুলি মন্তব্য কৰিছিল কেগে । UGC, DEC, AICTEয়ে আইডলক 8 টা বিষয়ৰ পাঠ্যক্ৰমৰহে অনুমতি দিছিল । সংবাদমেলত উপাচাৰ্য ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ । আনহাতে এই সমগ্ৰ বিষয়ৰ ওপৰত CBI তদন্ত কৰাৰো দাবী যুৱ কংগ্ৰেছ আৰু NSUI ৰ ।
অন্ধকাৰ ভৱিষ্যতৰ দিশে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ জীৱন - NSUI and Congress press meet on Idol incident
মহানগৰীৰ ৰাজীৱ ভৱনত NSUI আৰু যুৱ কংগ্ৰেছৰ সংবাদমেল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ছাত্ৰ সংগঠনটোৱে ।
আইডলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ