অসম

assam

By

Published : Jul 29, 2020, 11:53 PM IST

ETV Bharat / city

NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা

দুবছৰৰ অন্তত NSCN-K ত পুনৰ বিভাজনৰ সুত্ৰপাত ৷ য়ং আং নেতৃত্বাধীন মূল গোটটোক প্ৰত্যাহ্বান জনাই আন এটা গোট গঠন কৰাৰ তিনি জেষ্ঠ নেতাক বহিষ্কাৰ NSCN-K ৰ ৷ বহিষ্কৃত তিনিও নেতা ভাৰতীয়মূলৰ ৷

NSCN-K 3 Leader Expled
NSCN-K 3 Leader Expled

নিউজ ডেস্ক, 29 জুলাই : NSCN-K গোটৰ পৰা বহিষ্কাৰ হ’ল NIA ৰ ম'ষ্ট ৱাণ্টেড উগ্ৰপন্থী নেতাষ্টাৰচন লামকাম ৷ ষ্টাৰচনৰ সৈতে বহিষ্কাৰ কৰা হ’ল NSCN-Kৰ উপ মুখ্য সেনাধ্যক্ষ নিকি ছুমীআৰু সংগঠনটোৰ জেনেৰেল কামাণ্ডিং অফিচাৰ ৱান ন্যামলাং নগাক

ষ্টাৰচন লামকাম

মঙলবাৰৰ দিনটোলৈ নিকি ছুমী আছিল NSCN-K ৰ উপ মুখ্য সেনাধ্যক্ষ ৷ আনহাতে ষ্টাৰচন লামকাম আছিল বিত্ত কিলন্সাৰ ৷ এই দুয়ো জনেই মণিপুৰৰ চাণ্ডেলত 2015 ৰ 4 জুনত ভাৰতীয় সেনাৰ ওপৰত চলোৱা ভয়ংকৰ এম্বুছৰ আছিল মাষ্টাৰ মাইণ্ড ৷ NIA ৰ ম'ষ্ট ৱাণ্টেড উগ্ৰপন্থীৰ তালিকাতো আছে দুয়োজনৰ নাম ৷ বুধবাৰে এই দুয়োজন নেতা ক্ৰমে নিকি ছুমী, ষ্টাৰচন লামকাম সহ সংগঠনটোৰ জেনেৰেল কামাণ্ডিং অফিচাৰ ৱান ন্যামলাং নগাক বহিষ্কাৰ কৰা হয় ৷

জানিব পৰা মতে, NSCN-K ৰ অধ্যক্ষ য়ং আঙৰ বিৰুদ্ধে আৰু সংগঠনৰ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবেই বহিষ্কাৰ কৰা হয় নিকি ছুমী, ন্যামলাং নগা আৰু ষ্টাৰচনক ৷

ইয়াৰ পূৰ্বে মঙলবাৰে নিকি, ন্যামলাং, ষ্টাৰচনে এক বৈঠক পাতি এটা নতুন গোটৰ জন্ম দিছিল ৷ নতুন গোটৰ অধ্যক্ষ পাতিছিল ন্যামলাঙক ৷ সাধাৰণ সম্পাদক পাতিছিল ষ্টাৰচন লামকামক ৷ সেনাধ্যক্ষৰ পদত এই পৰ্যন্ত আনুষ্ঠানিক নিযুক্তি দিয়া নাই যদিও নিঃসন্দেহে নিকি ছুমীয়েই হ'ব নতুন গোটটোৰ সেনাধ্যক্ষ ৷

নিকি ছুমী

নিকি,ন্যামলাং, ষ্টাৰচনৰ গোটে নতুন গোট গঠন কৰিয়ে য়ুং আঙক সংগঠনৰ পৰা বহিষ্কাৰ কৰা বুলি দাবী কৰিছিল ৷ কিন্তু বুধবাৰে য়ুং আঙৰ নেতৃত্বত মূল সংগঠনৰ জৰুৰী বৈঠকত দল আৰু সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে নিকি, ন্যামলাং, ষ্টাৰচনক সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয় বুলি সদৰি কৰে NSCN-K ৰ প্ৰচাৰ বিভাগৰ মূৰব্বী জুছেফ লামকাঙে ৷ লগতে বহিষ্কৃত তিনি নেতাক যিয়ে সংগ দিব, সেই সকলোকো নিয়মানুসাৰে বহিষ্কৃত কৰা হ'ব বুলি স্পষ্ট কৰে জুছেফ লামকাঙে ৷

প্ৰেছ বিজ্ঞপ্তি

তথ্য মতে, নিকি, ন্যামলাং, ষ্টাৰচনৰ গোটত প্ৰায় আশীজন কেডাৰ আছে আৰু প্ৰায় পঞ্চাশটা অত্যাধুনিক মাৰণাস্ত্ৰ আছে ৷ NSCN-K ত সংঘটিত এই বিভাজনৰ পূৰ্বে 2018 ৰ আগষ্ট মাহতো দেখা গৈছিল এক বিভাজনৰ ৷ এছ এছ খাপলাংৰ মৃত্যুৰ পিছত ডেৰবছৰ অধ্যক্ষৰ দায়িত্বত থকা খাংগু কন্যাকক সংগঠনৰ পৰা বহিষ্কাৰ কৰিছিল NSCN-K এ ৷ পিছত খাংগু কন্যাকে ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল ৷

ঠিক একেদৰে নিকি, ন্যামলাং, ষ্টাৰচনৰ গোটটোৱেও অতি কম দিনৰ ভিতৰত ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷ উল্লেখ্য যে, নিকি, ন্যামলাং, ষ্টাৰচন তিনিও হৈছে ভাৰতীয় মূলৰ ৷

লগতে চাওক-লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details