অসম

assam

ETV Bharat / city

এন আৰ চিত নাই কোনো ৰোহিঙ্গিয়া মুছলমানৰ নামঃ প্ৰতীক হাজেলা - Media reports

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত ৰোহিঙ্গিয়াৰ নামত অন্তৰ্ভূক্তি হোৱা বিষয়টো নসাৎ কৰিছে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ৷ এই বিষয়ে সংবাদ প্ৰকাশ পোৱাটো গুৰুত্বহীন আৰু ইয়াৰ কোনো ভিত্তি নাই ৷

এন আৰ চি নাই কোনো ৰোহিঙ্গিয়া মুছলমানৰ নামঃ মুখ্য সমন্বয়ক

By

Published : Jul 23, 2019, 3:39 PM IST

গুৱাহাটী, 23 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ৰোহিঙ্গিয়া মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশ পোৱা সংবাদ পোনচাটেই নাকচ কৰিছে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ৷ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰি ভিত্তিহীন আৰু মিছা বুলি কয় প্ৰতীক হাজেলাই ৷

প্ৰতীকাত্মক ছবি

দেওবাৰে আৰু সোমবাৰে আলম হুছেইন মজুমদাৰ নামৰ এগৰাকী ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্তি হোৱা বুলি প্ৰকাশ পাইছিল একাংশ সংবাদ মাধ্যমত ৷ কিন্তু কাচাৰ জিলাত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন সন্দেহজনক ৰোহিঙ্গিয়া আৰু জন্মৰ প্ৰমাণ-পত্ৰত আসোৱাহ থকাৰ বাবেই ব্যক্তিজনক সীমান্ত আৰক্ষীয়ে আটক কৰিছিল ৷ হাজেলাই এই কথা প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰে যে, নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ পৰা যথোচিত অনুমতি অবিহনেই এনেকুৱা বাতৰি পৰিৱেশন কৰি আহিছে একাংশ সংবাদ মাধ্যমে ৷

ABOUT THE AUTHOR

...view details