নিউজ ডেস্ক, 7 নৱেম্বৰ :ৰাজহুৱা স্বাস্থ্য আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দেৱালীত আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৷
দেৱালী উপলক্ষ্যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী - আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ জাননী বৰ্ডৰ
দেৱালী উপলক্ষ্যে জনসাধাৰণলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী ৷ আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণলৈ জাননী প্ৰেৰণ বৰ্ডৰ ৷
![দেৱালী উপলক্ষ্যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী জনসাধাৰণলৈ দেৱালী উপলক্ষ্যে জাননী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9470347-thumbnail-3x2-po-1.jpg)
অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰী
লগতে বৰ্ডে জানিবলৈ দিয়ে যে, এনে আতচবাজীৰ পৰা হোৱা পৰিৱেশ তথা শব্দ প্ৰদূষণে ক'ভিডত আক্ৰান্তত ৰোগীৰ স্বাস্থ্যত ব্যাপক প্ৰভাৱ পেলাব ৷ সেয়েহে সকলোকে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকি বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৷
লগতে পঢ়ক :বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী