অসম

assam

ETV Bharat / city

ছোৱালীজনীৰ কোভিড-১৯ পৰীক্ষা নকৰাটো মাৰাত্মক ভুল : হিমন্ত বিশ্ব শৰ্মা

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ চৰকাৰী ESIC Hospitalৰ দ্বাৰা সংঘটিত ভুল স্বীকাৰ কৰে । হস্পিতালখনত চিকিৎসাধীন হৈ থকা এগৰাকী ১৬ বছৰীয়া যুৱতী কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছিল ।

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : May 10, 2020, 4:52 PM IST

গুৱাহাটী, ১০ মে' :চৰকাৰী ESIC Hospitalৰ চিকিৎসকে মাৰাত্মক ভুল সংঘটিত কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে । এগৰাকী ১৬ বছৰীয়া যুৱতীৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । বৃহস্পতিবাৰে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত মৃত্যুমুখত পৰিছিল যুৱতীগৰাকী । পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু কোভিড-১৯ পজিটিভ পোৱা গৈছিল ।

সাংবাদিকৰ আগত মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, প্ৰথমে জ্বৰ আৰু ভৰিৰ বিষ হোৱাৰ বাবে যুৱতীগৰাকীয়ে ESIC Hospitalলৈ গৈছিল । কিন্তু চিকিৎসকসকলে যুৱতীগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ নকৰিলে এয়া এক যথেষ্ট চিন্তনীয় বিষয় ।

বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতাল সন্দৰ্ভত মন্তব্য কৰি, সৰ্বমুঠ ৫২৯ গৰাকী চিকিৎসক আৰু স্বাস্থ্য়কৰ্মীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু সেইসমূহ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে । ইয়াৰ ভিতৰত ৩৫৭ গৰাকীৰ নিগেটিভ পোৱাৰ বিপৰীতে ১গৰাকী পজিটিভ পোৱা গৈছে । বাকীসকলৰ পৰীক্ষাৰ ফলাফল এতিয়াও অহা নাই ।

গুৱাহাটীক ৰেড জ'নলৈ অনা হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰৰ নীতিসমূহে সাধাৰণ জীৱন ব্যাহত নকৰে । আনহাতে ১৩খন বিশেষ ৰাজ্যৰ পৰা অহা লোকসকলক চৰকাৰে কোৱাৰেন্টাইনত ৰাখিব বুলি জানিবলৈ দিয়ে শৰ্মাই ।

লগতে পঢ়কঃকোভিড-১৯ পজিটিভ এম্বুলেন্স ড্ৰাইভাৰক ৰাজ্য এৰি যাবলৈ অনুমতি প্ৰদান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details