গুৱাহাটী, 20 অক্টোবৰঃ দেওবাৰে আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত মহানগৰীৰ নেডফি হাউচত অনুষ্ঠিত কৰা হয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন । 'আজিৰ শিশু কালিলৈৰ ভৱিষ্যৎ' এই কথাষাৰক মূলমন্ত্ৰ হিচাপে লৈ আয়োজন কৰা হৈছে এই সন্মিলন ৷ সন্মিলনখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মানৱ অধিকাৰ আয়োগৰ সদস্য় ডঃ দ্যানেশ্বৰ মনোহৰ ৷
গুৱাহাটীত উত্তৰপূৱ ভাৰতৰ প্ৰথমখন প্ৰাকশৈশৱ শিক্ষা সন্মিলন - গুৱাহাটীত উত্তৰপূৱ ভাৰতৰ প্ৰথমখন প্ৰাকশৈশৱ শিক্ষা সন্মিলন
আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত মহানগৰীৰ নেডফি হাউচত অনুষ্ঠিত কৰা হয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন ।
দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮ গৰাকী শিশুৱে শিক্ষাৰ ওপৰত বক্তৃতা প্ৰদান কৰে । লগতে এই সন্মিলনৰ লগত সংগতি ৰাখি পিনাকল এডুকেশ্বন এৱাৰ্ড ২০১৯ প্ৰদান কৰা হয় । শিশু শিক্ষাৰ লগত জড়িত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষকক প্ৰদান কৰা হয় এই বঁটা । কিডজী, শ্বেমৰক, টিণ্ডাৰ পেটেলছ, কেংগাৰু কিডছ, পীক এ বুৰ, লিটিল মিলেনিয়ামৰ নামৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰদান কৰে এই বঁটা ৷ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজৰ ভাষণ প্ৰসংগত কয় যে, "বৰ্তমান সমাজত সকলোৱে আইপেড, আইফোন, ইন্টাৰনেট ব্যৱহাৰ কৰে যদিও কোনোৱে গৃহহীন শিশুৰ অথবা দৰিদ্ৰ পৰিয়ালৰ শিশুৰ কথা নকয় । শিশু সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।