গুৱাহাটী 18,জুন : বানৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই বাতিল কৰিছে কেইবাখনো ৰেলৰ যাত্ৰা (Train services cancelled due to flood) । এতিয়ালৈকে বানৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ 32 খন ৰেলৰ যাত্ৰা বাতিল কৰিছে (32 trains of Northeast Frontier Railway cancelled due to floods) । বানৰ বাবে ৰঙিয়া আৰু লামডিং সংমণ্ডল হৈ অহা-যোৱা কৰা ১০ খন স্থানীয় ৰেলৰ যাত্ৰাপথ বিভিন্ন ষ্টেচনত কৰ্তন কৰা হৈছে ।
ইপিনে, নলবাৰী আৰু ঘগ্ৰাপাৰ ষ্টেচনৰ মাজৰ ৰেলপথৰ এটা অংশ বানত ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ ফলত গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত চলা চাৰিখন পেছেঞ্জাৰ ৰেল, আলিপুৰদুৱাৰ জংচন আৰু গুৱাহাটীৰ মাজত চলা দুখন চিফুং এক্সপ্ৰেছ আৰু লামডিং আৰু আলিপুৰদুৱাৰ জংচনৰ মাজত চলা দুখন ইণ্টাৰচিটী এক্সগ্ৰেছৰ যাত্ৰা ১৮ জুন পর্যন্ত বাতিল কৰা হৈছে।
আনহাতে, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, কামাখ্যা দিল্লী ব্ৰহ্মপুত্ৰ মেইল, শিলঘাট টাউন-টাম্বাৰাম এক্সপ্ৰেছ, শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ, হাওড়া-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ, আনন্দবিহাৰ- কামাখ্যা নর্থ-ইষ্ট এক্সপ্ৰেছ, চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰা হৈছে । উত্তৰ-পূব ৰেলে যাত্ৰীৰ সুবিধাৰ বাবে গুৱাহাটী-ৰঙিয়া, গুৱাহাটী আৰু নিউ বঙাইগাঁও-বৰপেটাৰোডৰ মাজত দুখন ছাইল বেল চলাচল কৰিব বুলি ঘোষণা কৰিছে। ইপিনে, লামডিং সংমণ্ডলত হোৱা বানৰ বাবে শিলচৰ শিয়ালদহ এক্সপ্লেছ, গুৱাহাটী-ডিব্ৰুগড় এক্সপ্ৰেছ, গুৱাহাটী-লিডু ইণ্টাৰচিটী এক্সপ্ৰেছ, গুৱাহাটী-লামডিং পেছেঞ্জাৰ এক্সপ্ৰেছৰ যাত্ৰা আজি বাতিল কৰা হৈছে । লগতে মৰিয়নি-গুৱাহাটী ব্ৰডগজ এক্সপ্ৰেছ, ডিব্ৰুগড়-গুৱাহাটী এক্সপ্ৰেছ, লামডিং পেছেঞ্জাৰ এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট টাউন শতাব্দী এক্সপ্ৰেছৰ কাইলৈৰ যাত্ৰা বাতিল কৰা হৈছে । একেদৰে পাঁচখন ৰেলৰ যাত্ৰাপথ বিভিন্ন ষ্টেচনত কৰ্তন কৰা হৈছে । আকৌ 18 জুনত ডিব্ৰুগড় পৰা লালগড়লৈ যাবলগীয়া অবধ আসাম এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে ( journey of Awadh Assam Express from Dibrugarh to Lalgarh on June 18 has been cancelled)। আনহাতে কামাখ্যাৰ পৰা যাবলগীয়া ৰানী কমলাপতি এক্সপ্ৰেছৰ সময় সলনি কৰা হৈছে। এই ৰেলখন শণিবাৰে সন্ধিয়া 6 বজাত কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে বিভাগে জনাইছে।
লগতে পঢ়ক :ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ