নিউজ ডেস্ক, 22 অক্টোবৰ :অসম মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি বৰ্তমানে কিছু শাম কাটিছে ৷ অসম আৰু মিজোৰামৰ গৃহ সচিবৰ যুটীয়া আলোচনাৰ পিচতেই দুয়োখন ৰাজ্যৰ মাজত কৰিমগঞ্জ আৰু কাচাৰ জিলাত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমানে শান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনাৰ পিচতেই 21 অক্টোবৰত দুয়োখন ৰাজ্যৰ গৃহ সচিবে নিজাকৈ আলোচনাত মিলিত হয় ৷ এই আলোচনাৰ পিচতেই সীমান্ত অঞ্চলৰ পৰা মিজোৰামে বাহিনী প্ৰত্যাহাৰ কৰিব বুলি জনাইছে অসমৰ গৃহ সচিবে ৷
লগতে পঢ়ক :সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠীৰ