অসম

assam

ETV Bharat / city

ৰাজ্যৰ 20খন বিলত 5 কোটি পোনা এৰিব অসম মীন উন্নয়ন নিগমে - মৎস্যজীৱি সকলৰ বাবে সুখবৰ

ৰাজ্যৰ 5,000 হেক্টৰ মাটিৰ 20খনকৈ বিলত 5 কোটি মাছৰ পোনা সংৰক্ষণ কৰিব অসম মীন উন্নয়ন নিগমে ৷

ৰাজ্যৰ 20খন বিলত 5 কোটি মাছৰ পোনা এৰি দিব অসম মীন উন্নয়ন নিগমে
ৰাজ্যৰ 20খন বিলত 5 কোটি মাছৰ পোনা এৰি দিব অসম মীন উন্নয়ন নিগমে

By

Published : Oct 10, 2020, 12:49 PM IST

গুৱাহাটী, 10 অক্টোবৰ : বিশ্বত্ৰাস কৰ'ণা ভাইৰাছে আৰ্থিকভাৱে জুৰুলা কৰা মৎস্যজীৱি সকলৰ বাবে সুখবৰ আনিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ অন্তৰ্গত অসম মীন উন্নয়ন নিগমে 5 কোটি মাছৰ পোনা এৰি দিয়াৰ পৰিকল্পনা হাতত লৈছে ৷ প্ৰায় 5,000 হেক্টৰ মাটিৰ 20 খন বিলত এইসমূহ মাছৰ পোনা এৰি দিয়াৰ পৰিকল্পনা লৈছে নিগমে‌ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাৱলম্বী ভাৰতক বাস্তৱায়িত কৰাৰ লক্ষ্য লৈ এই পৰিকল্পনা হাতত লৈছে মীন উন্নয়ন নিগমে। ইয়াৰ অংশ হিচাপে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ঘোৰাজান বিলত এৰি দিয়া হয় এক লাখ মাছৰ পোনা।

ৰাজ্যৰ 20খন বিলত 5 কোটি মাছৰ পোনা এৰি দিব অসম মীন উন্নয়ন নিগমে

মৎস্যজীৱি সকলৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজত মাংগলিক পৰ্বৰে ঐতিহাসিক বিলখনত মাছৰ পোনা এৰি দিয়ে 'অসম মীন উন্নয়ন নিগম'ৰ বিষয়া‌-কৰ্মচাৰীসকলে। আশা কৰা হৈছে নিগমৰ এই পদক্ষেপৰ দ্বাৰা বিলখনৰ লগত জড়িত 3 শতাধিক পৰিয়াল উপকৃত ‌হ'ব।

লগতে পঢ়ক :অসমৰ ভূমি বেদখলত মিজোৰাম:কৰিমগঞ্জ জিলা প্ৰশাসনৰ উচ্ছেদ

ABOUT THE AUTHOR

...view details