গুৱাহাটী,18 এপ্ৰিল: এজাক বৰষুণতেই জলা-কলা খাব লগা হৈছে উত্তৰ গুৱাহাটীবাসীয়ে । হঠাতে অহা এজাক বৰষুণত বুৰ গ’ল ৰূদ্ৰেশ্বৰ, মাজগাঁও, ৰহধলাকে ধৰি উত্তৰ গুৱাহাটীৰ বহু অঞ্চল । ৰূদ্ৰেশ্বৰ পঞ্চায়তে আজিলৈকে অঞ্চলটোৰ নলা-নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ খোৱাপানীৰ সমস্যা, বাট-পথৰ সমস্যাকে ধৰি এশ এবুৰি সমস্যাৰে ঠাহ খাই থকা গাঁৱবাসীয়ে আজিলৈকে নেদেখিলে পথৰ দাঁতিৰ নলা । যাৰ বাবে প্ৰথমজাক বৰষুণতেই জলমগ্ন হৈ পৰে উত্তৰ গুৱাহাটীৰ বৃহৎ অঞ্চল ।
লোক নিৰ্মাণ বিভাগৰ অপৰিপক্ক অভিযন্তাৰ কামত গাফিলতিৰ বাবেই চৰম দুৰ্দশা ভোগ কৰিবলগা হৈছে অঞ্চলটোৰ সৰ্ব সাধাৰণ ৰাইজে । বছৰ বছৰ ধৰি ৰহধলা-ৰূদ্ৰেশ্বৰ সংযোগী পকী পথছোৱাত আৱদ্ধ পানীৰ বাবেই অঞ্চলটোত যাতায়াত বিঘ্নিত হৈ পৰিছে ।