অসম

assam

By

Published : Apr 17, 2022, 9:47 PM IST

ETV Bharat / city

পাঁচ দিনৰ পিছতো সন্ধান পোৱা নাই জি এম চি এইচৰ পৰা অন্তৰ্ধান হোৱা ৭মহীয়া শিশুটিৰ

এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College Hospital) হাস্পতালৰ পৰা অন্তৰ্ধান হোৱা 7 মহীয়া শিশুটিৰ (missing child from GMCH) ৷ ইতিমধ্যে শিশুটিৰ পৰিয়ালে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষী অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ৷

no-trace-of-missing-child-from-gmch-after-5-days
পাঁচ দিনৰ পিছতো সন্ধান পোৱা নাই জি এম চি এইচৰ পৰা অন্তৰ্ধান হোৱা ৭মহীয়া শিশুটিৰ

গুৱাহাটী, 17 এপ্ৰিল:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College Hospital) হাস্পতালৰ পৰা অন্তৰ্ধান হোৱা 7 মহীয়া শিশুটিৰ এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে । 13 এপ্ৰিলৰ কাহিলি পুৱাতে অন্তৰ্ধান হোৱা শিশুটিৰ (Baby missing from GMCH) বিগত 5 দিনে কোনো সন্ধান পোৱা নাই ।

উল্লেখ্য যে, হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ 7 মহীয়া সন্তান প্ৰিয়ম কলিতা বৃক্ক ৰোগত আক্ৰান্ত হৈছিল৷ যাৰ ফলত বিগত 24 মাৰ্চত শিশুটিক GMCHত ভৰ্তি কৰাইছিল ৷ মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰাত মাতৃয়ে শিশুটিক পিতৃৰ কাষত থৈ টোপনি গৈছিল ৷

পিতৃয়ে গোটেই নিশা শিশুটিক চোৱা-চিতা কৰে যদিও বুধবাৰে পুৱতি নিশা শিশুটিয়ে পুনৰ আমনি কৰাত তাতে থকা এগৰাকী মহিলাক শিশুটি ল’বলৈ দিছিল । মহিলাগৰাকীৰ হাতত শিশুটি দি পুৱা 4-30 মান বজাত শিশুটিৰ পিতৃৰ টোপনি গৈছিল ৷ পিছে পুৱা 5-30 মান বজাত শিশুটিৰ পিতৃ-মাতৃয়ে সাৰ পাই শিশুটিৰ সৈতে মহিলা গৰাকীক দেখা নাপাই চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰিছিল (Baby goes missing from pediatric ward in GMCH) ৷

ইফালে মুখত মাস্ক পৰিহিত মহিলা এগৰাকীয়ে শিশুটিক লৈ চিকিৎসালয়খনৰ পৰা ওলাই যোৱা দৃশ্য চিচি কেমেৰাত আৱদ্ধ হৈছে । লগে লগে ঘটনা সন্দৰ্ভত চিকিৎসায় কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত (Bhangagarh Police Station) এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষী অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক:জি এম চি এইছৰ পৰা নিৰুদ্দেশ ৭ মহীয়া শিশু

ABOUT THE AUTHOR

...view details