অসম

assam

By

Published : Sep 29, 2020, 4:04 PM IST

ETV Bharat / city

ৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা তালিকা অনুসৰি অসমৰ ৰঙাপৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে ৷

ৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন
ৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ :দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 65টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি অৰ্থাৎ মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে ৷

আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এই সূচী প্ৰকাশ কৰে ৷ দেশৰ কেন্দ্ৰীয় জ্যেষ্ঠ মুখ্য সচিব সুমিত মুখাৰ্জীয়ে প্ৰকাশ কৰা এই সূচীখনত দেশৰ 65টা বিধানসভা সমষ্টিৰ ভিতৰত 7টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৷ ইয়াৰ ভিতৰত অসমৰ 74 নং ৰঙাপৰা আৰু 108 নং শিৱসাগৰ সমষ্টিৰ নামো আছে ৷ অসমৰ উপৰিও কেৰালা, তামিলনাডু আৰু পশ্চিমবংগৰ 5টা বিধানসভা সমষ্টিৰ বাবেও একেই সিদ্ধান্ত প্ৰকাশ কৰে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৷ অসমত 2021ৰ 31 মে'লৈকে এই দুয়োটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰিছে ৷

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা তালিকাখন

লগতে পঢ়ক :ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

স্বাভাৱিকতে প্ৰশ্ন উঠিছিল যে, অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিব নেকি ? কিয়নো ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দেশৰ নিৰ্বাচন আয়োগক এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰি বৰ্তমান নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ অসমৰ পৰিস্থিতি মুঠেও অনুকূল নহয় বুলি জনাইছিল । ক'ৰনা ভয়ংকৰ ৰূপ তথা 2021ৰ মাৰ্চ-এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । গতিকে মাত্ৰ কেইমাহমানৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি নাছিল ৰাজ্য চৰকাৰ ।

উল্লেখযোগ্য যে 2019ৰ 10 ডিচেম্বৰত ৰঙাপৰাৰ বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰ আৰু চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীত শিৱসাগৰৰ কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যু হোৱাত দুয়োটা সমষ্টিৰে আসন দুখন খালী হৈ পৰিছিল । নিয়ম অনুসৰি ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । অসমত বিধানসভা নিৰ্বাচন যিহেতু সমাগত তেনেক্ষেত্ৰত এতিয়া এই দুটা সমষ্টিৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগে আজি এইদৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক :শিৱসাগৰ-ৰঙাপাৰাৰ উপ-নিৰ্বাচন নিবিচাৰে ৰাজ্য চৰকাৰে: মঙলবাৰে হ'ব সিদ্ধান্ত

ABOUT THE AUTHOR

...view details