নিউজ ডেস্ক, 18 ডিচেম্বৰ: অৱশেষত NIA-ৰ জেৰাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হ'ল কৃষক নেতা অখিল গগৈক ৷ মঙলবাৰে নিশা বিশেষ বিমানযোগে দিল্লীলৈ লৈ যোৱা হ'ল কৃষক নেতাগৰাকীক ৷ আদালতে 10 দিনৰ বাবে NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰা অখিল গগৈক NIA-ৰ মুখ্যকাৰ্যালয়ত জেৰা কৰা হ'ব ৷
মঙলবাৰে সোণাপুৰত জেৰা কৰিবলৈ কৈ অখিল গগৈৰ পত্নী আৰু অধিবক্তাক অৱগত নকৰাকৈয়ে কৃষক নেতাগৰাকীক স্থানান্তৰ কৰে NIA-ৰ বিষয়াই ৷ কৃষক নেতা জনৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ সময়ত গোচৰটোৰ তদাৰক কৰা NIA-ৰ বিষয়াই তেওঁক 2-3 দিন পাচতহে অখিল গগৈক দিল্লীলৈ নিয়া হ'ব বুলি জানিবলৈ দিছিল ৷ কিন্তু মঙলবাৰে নিশা এইদৰে হঠাৎ কৃষক নেতাগৰাকীক দিল্লীলৈ লৈ যোৱাত দিল্লীত প্ৰচণ্ড ঠাণ্ডাত ইতিমধ্যে অসুস্থ অৱস্থাত থকা অখিল গগৈৰ স্বাস্থ্য আৰু কষ্টৰ সন্দৰ্ভত পত্নী, পৰিয়াল উদ্বিগ্ন হৈ পৰিছে ৷