অসম

assam

ETV Bharat / city

মুকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা

জনসাধৰণৰ মাজত ক'ভিড-19ৰ সজাগতা অনাৰ বাবে পল্টনবজাৰৰ পৰিবহন বিভাগৰ চৌহদত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক সজাগতা মূলক কাৰ্যসূচী ৷ মুকাভিনয় শিল্পী মৃনাংক ডেকাৰ নেতৃত্বত এটা দলে ক'ভিডৰ ভয়াৱহতাৰ কথা অৱগত কৰে জনসাধাৰণক ৷

By

Published : Sep 26, 2020, 9:23 AM IST

NHM awarness campaing guwahati
মুকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা

গুৱাহাটী,26ছেপ্টেম্বৰ: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই মহামাৰীক প্ৰতিৰোধৰ বাবে চৰকাৰী ভাৱে গ্ৰহণ কৰা হৈছে কেতবোৰ নিয়ম ৷ নিয়মৰ লগতে গাঁৱে-ভূঞে চৰকাৰে চলাইছে সজাগতা ৷ কিন্তু ইয়াৰ পাচতো কিছু ঠাইত নাই সজাগতা নাই,নাই কোনো সামাজিক দূৰত্ব ৷ যাৰ বাবে ৰাইজৰ মাজত সজাগত সৃষ্টি কৰাৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক সজাগতা মূলক কাৰ্যসূচী ৷

মুকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা

মুকাভিনয়ৰ জৰিয়তে পল্টনবজাৰৰ পৰিবহন বিভাগৰ চৌহদত কৰ'ণা ভাইৰাছৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে হাতত লোৱা হয় এই কাৰ্যসূচী ৷ মুকাভিনয় শিল্পী মৃনাংক ডেকাৰ নেতৃত্বত এটা দলে ক'ভিডৰ ভয়াৱহতাৰ কথা অৱগত কৰে জনসাধাৰণক ৷

অন্য এক খবৰৰ বাবে: আজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20

ABOUT THE AUTHOR

...view details