অসম

assam

ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি - news@11

11 বজাৰ শীৰ্ষ দহটা বাতৰি

news-at-11
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 23, 2021, 11:16 AM IST

সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা আৰক্ষী আৰু ১২ নং আছাম ৰাইফলচ(red shield division)ৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ‌ বৃহস্পতিবাৰে নিশা আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজন এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ সদস্য বুলি জানিব পৰা গৈছে ৷

চিলাৰ সূতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ

উৰণীয়া সেঁতুৰে দুচকীয়া বাহন লৈ যাত্ৰা কৰি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এজন জ্যেষ্ঠ সাংবাদিক ৷ উৰণীয়া সেঁতুখনত পূৰ্বৰে পৰা ফাঁচি থকা চিলাৰ সূতা ডিঙিত লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এখন বহুল ভাৱে প্ৰচাৰিত স্থানীয় দৈনিক কাকত(local daily)ৰ সাংবাদিক কমল চৌধুৰী ৷

বাৰে বাৰে ফোনটো হাতত লৈ সৌম্যাই সোধে "দেউতা কেতিয়া আহিব ?’’

তিদিনে ৪-৫ বাৰ পৰ্যন্ত পিতৃক ফোন কৰে এজনী তিনি বছৰীয়া কণমানিয়ে । কিন্তু পিতৃৰ মাতহে শুনিবলৈ নাপায় । তথাপি পুনৰ পিতৃৰ সৈতে কথা পতাৰ আশাত হাতত ফোনটো তুলি লয় কণমানিজনীয়ে । এমাহ অতিক্ৰম কৰিলে, কিন্তু পিতৃৰ সৈতে আজি কথা পাতিব পৰা নাই কণমানিজনীয়ে ৷

Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

24 জুলাইত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত অনুষ্ঠিত হ’বলগীয়া বক্সিং খেলৰ প্ৰথম ৰাউণ্ডৰ খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ (Lovelina Borgohain) ৷ বক্সাৰগৰাকীয়ে পৰৱৰ্তী Pre-Quarter final মেচত অংশগ্ৰহণ কৰিব 27 জুলাইত ৷

শিৱসাগৰৰ চৰকাৰী বিভাগত অনাদায় প্ৰায় ডেৰকোটি টকাৰ বিদ্যুৎ মাচুল

শিৱসাগৰত অনাদায় বিদ্যুৎ মাচুল (Electricity Bill) সংগ্ৰহৰ নামত ব্যাপক অভিযান বিদ্যুৎ বিভাগ (Electricity Department)ৰ ৷ কিন্তু তথাপিও নিয়মীয়া নহয় বিদ্যুতৰ যোগান ৷ জিলাখনৰ চৰকাৰী বিভাগে বিদ্যুৎ মাচুলৰ নামত এবছৰে প্ৰদান কৰা নাই এটকাও ধন ৷ এবছৰ পূৰ্বে জিলাখনৰ চৰকাৰী বিভাগে বিদ্যুৎ মাচুলৰ নামত পৰিশোধ কৰিবলগীয়া ধন আছিল প্ৰায় ডেৰ কোটি টকা ।

হোজাইত কেৰালা নাৰী ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ ৯ যুৱতী : আটক-2

লকডাউন আৰু সান্ধ্য আইনৰ সুযোগ লৈ এতিয়া ৰাজ্যত একাংশ লোকে অব্যাহত ৰাখিছে নাৰী সৰবৰাহ আৰু অংগ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ ৷ ইয়াৰ সমান্তৰালভাৱে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসনো ৷ ইয়াৰ ফলশ্ৰুতিতেই বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বহিঃৰাজ্যত বিক্ৰীৰ বাবে নিয়া কেইবাগৰাকী কিশোৰী-যুৱতী ৷

চৰাইদেউত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিবাদ ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ অভিযোগ নিৰ্ধাৰিত নূন্যতম সমৰ্থিত মূল্য চাহ ফেক্টৰী সমূহে খেতিয়ক সকলক দিয়া নাই ৷

Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা

24 জুলাইত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত অনুষ্ঠিত হ’বলগীয়া বক্সিং খেলৰ প্ৰথম ৰাউণ্ডৰ খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ (Lovelina Borgohain) ৷ বক্সাৰগৰাকীয়ে পৰৱৰ্তী Pre-Quarter final মেচত অংশগ্ৰহণ কৰিব 27 জুলাইত ৷

Tokyo Olympics টকিঅ' অলিম্পিক: ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ তালিকা আৰু খেলৰ সময়সূচী

টকিঅ' অলিম্পিকত ভাৰতে কি কি খেলত অংশগ্ৰহণ কৰিব ? কোনগৰাকী খেলুৱৈয়ে কোনটো ইভেণ্টত অংশগ্ৰহণ কৰিব ? খেলৰ সময়সূচী কি ? এই সকলোবোৰ সামৰি ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন-

নিৰুদ্দেশৰ দুদিন পাচত চিপ লোৱা অৱস্থাত উদ্ধাৰ কিশোৰ

ৰঙিয়াৰ ততাৰকুছিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এজন কিশোৰৰ মৃতদেহ ৷ কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালে ৷

ABOUT THE AUTHOR

...view details