গুৱাহাটী, 1 নৱেম্বৰ :যি সময়ত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে কঁকালত টঙালি বান্ধি নামি পৰিছে সেই সময়তে একাধিক শিৱিৰত বিভক্ত হৈ কংগ্ৰেছ দল আভ্যন্তৰীণ খোৱা কামোৰাত ব্যস্ত হৈ আছে । প্ৰদেশ কংগ্ৰেছ সম্প্ৰতি কমেও চাৰিটা ভিন ভিন শিৱিৰত বিভক্ত হৈ পৰিছে ।
যাৰ ফলত স্বয়ং সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধেই চৰম তীৰ্যক মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । প্ৰদেশ কংগ্ৰেছৰ এনে শিৱিৰ বিভক্ত ৰূপ দেখি কংগ্ৰেছ হাইকমাণ্ডো হৈ পৰিছে উদ্বিগ্ন, চিন্তিত । যাৰ বাবে বহুধা শিৱিৰ বিভক্ত প্ৰদেশ কংগ্ৰেছক এক কৰাৰ লক্ষ্য লৈ আজি অসমলৈ আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং । গুৰুত্বপূৰ্ণ কথাটো হ'ল হাইকমাণ্ডে পূৰ্বৰ তত্বাৱধায়ক হৰিশ ৰাৱটক আতঁৰাই জিতেন্দ্ৰ সিঙক নতুনকৈ এই দায়িত্ব ন্যস্ত কৰিছিল যদিও দায়িত্ব পোৱাৰ প্ৰায় চাৰে তিনিমাহ উকলি যোৱাৰ পিছতো অসমলৈ আগমন ঘটা নাছিল এইগৰাকী নেতাৰ । তত্বাৱধায়ক হিচাপে জিতেন্দ্ৰ সিঙৰ এয়া হৈছে প্ৰথমটো অসম ভ্ৰমণ । আজি পোনে পোনে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈ তাত এখন দলীয় সভাত ভাগ লব জিতেন্দ্ৰ সিঙে ।