গুৱাহাটী, 12 অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু (President Draupadi Murmu to visit Assam) ৷ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । বৃহস্পতিবাৰে আৰু শুকুৰবাৰে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে (New Traffic role in Guwahati city)।
বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১০.৩০ বজালৈ গুৱাহাটীৰ কাষেৰে যোৱা ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকীয়া বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে । আনহাতে অহা শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১২.৩০ বজালৈ গুৱাহাটীৰ ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী ৰোডত সকলো ধৰণৰ লঘু, মধ্যম আৰু গধুৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে (New traffic role for President's Assam visit) ।
উল্লেখ্য যে, বিশেষ বিমানযোগে ত্ৰিপুৰাৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (LGBI Airport in Guwahati) উপস্থিত হ’ব লগীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে আমিনগাঁৱত থকা আই আই টি গুৱাহাটীলৈ যাব (President Draupadi Murmu in IIT Guwahati) । আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব ।
ইয়াৰ উপৰিও তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব ।