অসম

assam

ETV Bharat / city

ৰাজহুৱা যাতায়ত ব্যৱস্থা বন্ধ; কিন্তু আশীৰ্বাদ যাত্ৰা সফল‌ কৰাত তৎপৰ দিছপুৰ - ক’ভিড অতিমাৰীৰ ভয়াবহতা

বহু প্ৰতীক্ষাৰ অন্তত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে ক’ভিড কেন্দ্ৰিক নতুন নিৰ্দেশনা, অৰ্থাৎ এছঅ'পি(Covid SOP) ।‌‌ কিন্তু এই নতুন নিৰ্দেশনাই কাক বাৰু সকাহ দিব ! কেৱল কেতবোৰ‌ ৰাজনৈতিক ‌‌সুযোগ সুবিধাৰ বাবে হে নেকি এই নতুন নিৰ্দেশনা !

not public interest
ৰাজহুৱা যাতায়ত ব্যৱস্থা বন্ধ

By

Published : Aug 17, 2021, 8:41 PM IST

গুৱাহাটী ১৭ আগষ্ট : নতুনকৈ দেশৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পোৱা সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাক লৈ বিজেপি নেতৃত্ব তৎপৰ হৈ উঠাৰ সময়তে মঙলবাৰে ঘোষিত হৈছে ক’ভিড কেন্দ্ৰিক নতুন নিৰ্দেশনা (New Covid SOP) । এই নিৰ্দেশাৱলীয়ে কাৰ্যতঃ আইনী প্ৰক্ৰিয়াত সুযোগ উলিয়াই দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাক ।‌ ইতিমধ্যে প্ৰকাশিত তথ্য অনুসৰি অহা ২১ আগষ্টৰ পৰা ২৩ আগষ্ট লৈ ৰাজ্যৰ ছয় খন জিলাত চলিব সোণোৱালৰ আশীৰ্বাদ যাত্ৰা ।

এই যাত্ৰা আজাৰাৰ বিমানবন্দৰৰ পৰাই হ'ব যদিও মুঠ ৩৭৫.৫ কিলোমিটাৰ পথ প্ৰদক্ষিণ কৰিবলগীয়া এই যাত্ৰাই সামৰি ল’ব আন পাঁচখন জিলাত ক্ৰমে মৰিগাঁও, নগাঁও, গোলাঘাট যোৰহাট আৰু শিৱসাগৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা‌ বঞ্চিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ৰাজনৈতিক যাত্ৰাক লৈ বিজেপিৰ ভিতৰ চ’ৰাত চলিছে ব্যাপক তৎপৰতা । ২১ আগষ্টৰ দিনা এই জিলাৰ পৰাই আৰম্ভ হ'ব সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰা ।

কিন্তু লক্ষনীয়ভাৱে এই মূহুৰ্ততো ৰাজ্যত অব্যাহত আছে ক’ভিড অতিমাৰীৰ ভয়াৱহতা । সোমবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰকাশিত বুলেটিন অনুসৰি ৰাজ্যত ক’ভিড ধৰা পৰিছিল মুঠ ৭৫৮ গৰাকী লোকৰ শৰীৰত । অতি লক্ষনীয়ভাৱে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৬৩ গৰাকী ক’ভিড আক্ৰান্ত হৈছে । তদুপৰি সোমবাৰৰ দিনটোত বৰপেটা জিলাত ৪৯ গৰাকী, নলবাৰী জিলাত ৪৫ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ৪২ গৰাকী, গোলাঘাটত ২৩ গৰাকী, শিৱসাগৰ জিলাত ৩৬ গৰাকী, যোৰহাট জিলাত ৩৯ গৰাকী, শোণিতপুৰ জিলাত ২৪ গৰাকী, বিশ্বনাথ জিলাত ১৭ গৰাকী আৰু ডিব্ৰুগড় জিলাত ৩৭ গৰাকী লোক ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃ সোণৰ অলংকাৰ বন্ধকত থৈ আৰ্তজনক সহায় কৰা কোন এইগৰাকী মহিলা ?

আনহাতে আজিৰ তাৰিখত ৰাজ্যত হাজাৰৰ হিচাপত নাগৰিক এই ৰোগত আক্ৰান্ত হৈ আছে । কিন্তু তাৰ পিছতো কামৰূপ মহানগৰ জিলাকে মুখ্য কৰি ছয় জিলাত চলিব সোণোৱালৰ আশীৰ্বাদ যাত্ৰা । ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যি নতুন এছ অ' পি ঘোষণা কৰিছে তাত অতি কৌশলেৰে কামৰূপ মহানগৰ জিলাৰ বাদে আন জিলা সমূহৰ মাজত ব্যক্তিগত যান বাহনৰ যাতায়তক বৈধতাৰ প্ৰদান কৰিছে । কিন্তু ৰাজহুৱা যান বাহনৰ যাতায়ত এতিয়াও বন্ধ কৰি থোৱা হৈছে । আচলতে ৰাজহুৱা পৰিবহন বন্ধ হৈ থকাৰ বাবে প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে কম উপাৰ্জনৰ জীৱিকাৰ লগত জড়িত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক।

কিন্তু কেশৱ মহন্তৰ আজিৰ এছ অ’ পিয়েও সামৰি নল’লে সাধাৰণ জনতাৰ এই আহ্বান । যি সময়ত আন্তঃৰাজ্যিক পৰিবহন, ৰেল পৰিবহন অব্যাহত আছে সেই সময়ত জিলা সংযোগী বাছৰ যাতায়ত কিয় খুলি দিয়া নহ'ল তাকে লৈ সচেতন জনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি চৰকাৰী সিদ্ধান্তই ৰাজ্যৰ সাধাৰণ জনতাৰ জীৱন আৰু জীৱিকাক ভয়াৱহ সংকটৰ মুখলৈ ঠেলি দিয়াৰ পিছতো চৰকাৰে ৰাজনৈতিক কাৰচাজি অব্যাহত ৰাখিছে । শাসকীয় দল আৰু চৰকাৰৰ এই প্ৰৱণতাই সামাজিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে ।

লগতে পঢ়কঃ কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

ABOUT THE AUTHOR

...view details