গুৱাহাটী, 2 ডিচেম্বৰ : প্ৰায় নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে পাণ্ডু-কামাখ্যা সংযোগী নতুন পথৰ ৷ বিগত 2018 চনৰ পৰা পথচোৱা নিৰ্মাণৰ কাম চলি আছে ৷ এই নতুন পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি: ৷ লোক নিৰ্মাণ বিভাগৰ অধীনত পূৰ্ণ গতিত চলিছে কাম কাজ ৷ ইতিমধ্যেই পথচোৱাৰ সামগ্ৰিক কাম সম্পূৰ্ণ হৈছে ৷ এতিয়া বাকী আছে পথৰ দাঁতিৰ ৰেলিং, ষ্ট্ৰীট লাইট আদিৰ কাম ৷
জানিব পৰা মতে, এই পথটো হ'ব ৱান ৱে' ৷ পাণ্ডুৰ দিশৰ পৰা কামাখ্যা মন্দিৰলৈহে যাব পাৰিব এই পথটোৰে ৷ কামাখ্যা মন্দিৰলৈ যোৱা এই নৱনিৰ্মিত পথটোৰে যাতায়ত কৰিলে এক নৈসৰ্গিক শোভা পাব যাত্ৰীয়ে ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰৰে নিৰ্মাণ কৰা হৈছে পথচোৱা ৷ এই পথটো মুকলিৰ পিছতেই কামাখ্যালৈ অহা দৰ্শনাৰ্থী আৰু অঞ্চলটোৰ ৰাইজৰ বাবে এক সুখৰ বতৰা কঢ়িয়াই আনিব ৷ স্থানীয় ৰাইজেও ব্যক্ত কৰে এই কথা ৷