গুৱাহাটী,15 অক্টোবৰঃ Go Air বিমানে আৰম্ভ কৰিলে অসম আৰু মিজোৰামৰ বিমানসেৱা। মঙলবাৰৰ পৰা দৈনিক বৰঝাৰ বিমান বন্দৰৰ পৰা দৈনিক মিজোৰামলৈ উৰা মাৰিব Go Airৰ বিমান । গুৱাহাটীৰ পৰা ৬ বাজি ৫০ মিনিট উৰা মাৰিব মিজোৰামৰ ৰাজধানী আইজললৈ,পাচত মিজোৰামৰ পৰা পুনৰ উভতি আহি গুৱাহাটী বৰঝাৰ বিমান বন্দৰত ৯ বাজি ৫০মিনিটত উপস্থিত হ'ব । পূৰ্বতে Go Airৰ বিমানসেৱা উত্তৰ-পুৰ্বাঞ্চলৰ ভিতৰত কেৱল গুৱাহাটীলৈ সীমাবদ্ধ আছিল ।
অসম-মিজোৰামৰ মাজত নতুন বিমান সেৱা - উত্তৰ-পূৰ্বাঞ্চল
উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীৰ বাবে এক সুখবৰ । সুচল হ'ব বিমান যাত্ৰা ৷
উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্রাৰ ক্ষেত্রত মংগলবাৰৰ পৰা সংযোজিত হ'ল এক নতুন অধ্যায়
আনহাতে,পূৰ্বতে আইজলৰ পৰা গুৱাহাটীলৈ স্থলপথেৰে আহিবলৈ লাগিছিল প্ৰায় ১৫ ঘন্টা এতিয়া বিমানসেৱাই ১ ঘন্টাৰ ভিতৰতে সহজ কৰিব এই যাত্ৰা । Airport Authority Of Indiaৰ North-East Director য়ে এই সেৱাৰ জৰিয়তে মিজোৰামৰ ৰোগীকে ধৰি বহুতো লোক উপকৃত হ'ব বুলি জনায় ৷