অসম

assam

By

Published : Aug 11, 2021, 8:46 PM IST

ETV Bharat / city

কাজিৰঙাৰ ক’ত কেনেকৈ নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ ?

কাজিৰঙাত ন কৈ সংযোজন হ’ব পাৰে এলিভেটেড ক’ৰিডৰ ৷ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিৰ্মাণৰ পৰিকল্পনা কৰিছে এই ক’ৰিডৰৰ ৷ বিশেষকৈ বানৰ সময়ত হ’ব পৰা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷

Kaziranga elevated corridor
কাজিৰঙাত ন কৈ সংযোজন হ’ব এলিভেটেড কৰিডৰ

নিউজ ডেস্ক,11 আগষ্ট : অতি শীৰ্ঘ্ৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ন কৈ সংযোজন হ’ব এলিভেটেড ক’ৰিডৰ ৷ বুধবাৰে সদনৰ মজিয়াত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত প্ৰায় 35 কিল’মিটাৰ দৈঘ্যৰ এটা এলিভেডেট ক’ৰিডৰ নিৰ্মাণ কৰা হ’ব ৷ এই এলিভেডেট কৰিডৰ নিৰ্মাণ হ’লে বন্য প্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰটো ৰাষ্ট্ৰীয় উদ্যান খনৰ বাবে সহায়ক হ’ব ৷

প্ৰতিবছৰে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু প্ৰাণী 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ পাহাৰৰ ফালে যাবলৈ চেষ্টা কৰে, যাৰ ফলত তীব্ৰবেগী বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত তথা মৃত্যু হয় বহু জন্তুৰ ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ বিগত মাহত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত পৰিৱেশ আৰু বন বিভাগ তথা লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল ৷ সেই বৈঠকত জখলাবন্ধাৰ পৰা বোকাখাতলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা অংশটোত প্ৰস্তাৱিত এই এলিভেটেড ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰা হৈছিল ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ লগতে পৰ্যটনৰ প্ৰসাৰৰ লক্ষ্যৰে ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ সৈতে আলোচনা সাপেক্ষে লোক নিৰ্মাণ বিভাগে এই এলিভেটেড ক’ৰিডৰৰ প্ৰস্তাৱ যুগুত কৰিছে ৷

প্ৰস্তাৱটো পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক’ৰিডৰৰ সংৰক্ষণত অনুমোদন জনোৱাৰ লগতে প্ৰকল্পটোৰ দ্ৰুত ৰূপায়ণৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা খৰতকীয়াভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় আৰু কাছাৰ জিলাত চিৰিয়াখানা নিৰ্মাণৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই প্ৰকল্পটোৰ দ্ৰুত ৰূপায়ণৰ বাবে এগৰাকী মডেল বিষয়া নিয়োগ কৰিবলৈ পৰিৱেশ আৰু বন বিভাগক নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক:বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ

ABOUT THE AUTHOR

...view details