অসম

assam

ETV Bharat / city

তৰুণ সংগীত শিল্পী নীড় দীপাংকৰৰ অকাল বিয়োগ - Friday

অকালতে মৰহি গ’ল এটা প্ৰতিভা। অসমৰ সাংস্কৃতিক জগতৰ এক সম্ভাৱনাপূৰ্ণ তথা প্ৰতিভাৱান শিল্পী নীড় দীপাংকৰ আৰু নাই । লক্ষ্য লক্ষ্য অনুৰাগী-শুভাকাংক্ষীৰ বুকুত “বিষাক্ত চুমা” আঁকি তেওঁ গুচি গ’ল অজানা দেশলৈ ।

তৰুণ সংগীত শিল্পী নীড় দীপাংকৰৰ অকাল বিয়োগ
তৰুণ সংগীত শিল্পী নীড় দীপাংকৰৰ অকাল বিয়োগ

By

Published : Feb 26, 2021, 9:38 PM IST

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃ শিৱসাগৰ মঠাদাং অঞ্চলৰ এইগৰাকী তৰুণ সংগীত শিল্পীৰ অকাল মৃত্যুত আজি শোকস্তব্ধ অসমৰ সাংস্কৃতিক জগত৷ মঠাদাঙৰ প্ৰয়াত দুলাল গগৈ আৰু দীপালী গগৈৰ পুত্ৰ সংগীত শিল্পী দিপাংকৰ গগৈক শুকুৰবাৰে পুৱা পৰিয়ালৰ লোকে শোৱাপাটিত মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ ৩৫ বছৰীয়া সংগীত শিল্পীগৰাকী সংগীত জগতত নীড় দিপাংকৰ নামেৰে জনপ্ৰিয় আছিল ৷

তৰুণ সংগীত শিল্পী নীড় দীপাংকৰৰ অকাল বিয়োগ

সৰুৰে পৰা সংগীত চৰ্চাৰ লগত জড়িত শিল্পীগৰাকীয়ে গীত পৰিৱেশনৰ লগতে সংগীত পৰিচালনাতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ মূলতঃ গুৱাহাটীৰ নিউ মিউজিক মেকাৰ্ছ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সংগীত জগতত চাপ ৰাখিবলৈ সক্ষম হোৱা নীড় দিপাংকৰে শিৱসাগৰ কলেজত অধ্যয়ন কৰি থকা অৱস্থাতে সংগীতৰ ক্ষেত্ৰখনৰ এক পৰিচিত নাম হৈ পৰিছিল ৷

তৰুণ সংগীত শিল্পী নীড় দীপাংকৰৰ অকাল বিয়োগ

সংগীত শিল্পী অনুৰাগ শইকীয়াৰ লগত “টোপ টোপ”, "আখৰ" নামৰ গীতৰ এলবাম দুটাৰ জড়িয়তে কম দিনৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ “চিঞৰ” নামৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰৰ লগতে “দূৰ”কে আদি কৰি বিভিন্ন অসমীয়া ছবিত কণ্ঠদান কৰা নীড় দিপাংকৰ অসমৰ বৈদ্যুতিন মাধ্যমসমূহৰ বিভিন্ন অনুষ্ঠানৰো এগৰাকী জনপ্ৰিয় শিল্পী আছিল ৷ অসমীয়া ভাষাৰ লগতে হিন্দী, মাৰাঠী আদি ভাষাতো কণ্ঠদান কৰা নীড় দিপাংকৰৰ মৃত্যুত অসমৰ সংগীত জগতখনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক:চিৰাঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ যুৱক

ABOUT THE AUTHOR

...view details