নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ:সোমবাৰৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি (Navratri 2022 Date) ৷ অসমতো নদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নৱৰাত্ৰিৰ ৷ নৱৰাত্ৰিৰ উপলক্ষ্যে মহানগৰীৰ কামাখ্যা মন্দিৰত সোমবাৰে শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় (Kamakhya Devi Temple) । নৱৰাত্ৰিৰ উপলক্ষ্যে দেৱী দুৰ্গাৰ আশীষ বিচাৰি বিভিন্ন মন্দিৰলৈ ভক্তৰ ব্যাপক সমাগম ঘটিছে ৷ তেনে এটা অতি গুৰুত্বপূৰ্ণ মন্দিৰ হৈছে 'কামাখ্যা দেৱী মন্দিৰ' ৷
নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ মন্দিৰ বুলি গণ্য কৰা হয় । অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে । নৱৰাত্ৰিৰ লগত সংগতি ৰাখি কামাখ্যা মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷
কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিত কবিন্দ্ৰ প্ৰসাদ শৰ্মাই কামাখ্যা মন্দিৰত দুৰ্গা পূজা আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ দুৰ্গা পূজাৰ সময়ত মন্দিৰত কুমাৰী পূজা আয়োজন কৰাৰ কথা সদৰি কৰে ৷ আজি প্ৰতিপদ তিথিৰ উপলক্ষ্যে মন্দিৰত এগৰাকী কুমাৰীক পূজা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে (Navratri 1st day puja) ।
তেওঁ লগতে কয় যে, একেদৰে কাইলৈ অৰ্থাৎ মঙলবাৰে দ্বিতীয়া তিথি বাবে দুগৰাকী কুমাৰীক পূজা কৰা হ'ব । এনেদৰে, নৱমীলৈকে মন্দিৰত মুঠ 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব । উল্লেখ্য যে, কামাখ্যা মন্দিৰত এই পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে । মন্দিৰত কৃষ্ণ নৱমীৰ পৰা শুক্লা নৱমীলৈকে 15 দিন দুৰ্গা পূজা উদযাপন কৰা হয় ।