গুৱাহাটী, 28 ছেপ্টেম্বৰ: বৰ্তমান সমাজ ব্যৱস্থাত অত্যন্ত প্ৰয়োজনীয় বিজ্ঞান মানসিকতা ৷ এখন সমাজৰ প্ৰগতি, বিকাশ তথা উন্নয়ণৰ বুনিয়াদী এই বিজ্ঞান মানসিকতা ৷ সাধাৰণ লোকসকলৰ মনত এই মানসিকতাৰ গঢ় দিয়াৰ প্ৰতি সজাগ হৈ উঠিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সচেতন মহল ৷ সেই উদ্দেশ্য আগত ৰাখিয়েই শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ছেমিনাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ৷ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত আয়োজিত আলোচনা চক্ৰখনত উপস্থিত থাকে ভাৰতবৰ্ষৰ বিশিষ্ট বিজ্ঞানী, অধ্যাপক সকলৰ সহিতে কেইবাগৰাকীও গণ্য মান্য লোক ৷
বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ প্ৰচেষ্টাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ - গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
গণমাধ্যমৰ যোগেদি সমাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে আয়োজন কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ৷
আন্না বিশ্ববিদ্যালয়, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয়, ৰাজস্থান বিশ্ববিদ্যালয়, এমিটি বিশ্ববিদ্যালয়ৰ আদি দেশৰ উচ্চ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহৰ শিক্ষাবিদ তথা অধ্যাপক সকলে অংশগ্ৰহণ কৰে অনুষ্ঠানটিত ৷ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত গণমাধ্যমৰ জৰিয়তে সাধাৰণ মানুহৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত তত্বগধুৰ আলোচনা সম্পন্ন হয় ৷ লগতে, এই অনুষ্ঠানৰ যোগেদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও গৱেষক শিক্ষাৰ্থীসকলেও যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই ।
TAGGED:
যোগাযোগ আৰু সাংবাদিকতা বিভাগ