গুৱাহাটী, ৮ জুন : গুৱাহাটী মহানগৰীত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ভৱানীপুৰৰ গনেশপুৰত । ভৱানীপুৰৰ গণেশপুৰৰ বাসিন্দা উত্তম কলিতাই ক্ষুদ্ৰ ব্যৱসায় কৰি দৰিদ্ৰ পৰিয়ালটোক পোহপাল দি আছিল । উত্থাপিত অভিযোগ অনুসৰি উত্তম কলিতাৰ পত্নী জোনালী কলিতাৰ ওচৰৰ গুনজিৎ দাস নামৰ লোকজনৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ।
ইয়াকে লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ আছিল । দুই বছৰ পূৰ্বে পত্নী জোনালী কলিতাই স্বামী উত্তম কলিতা আৰু তেওঁৰ মাতৃ সাবিত্ৰী কলিতাক (৭৫) নিৰ্যাতন চলাই ঘৰৰ পৰা উলিয়াই দিয়ে । ঘৰৰ পৰা উলিয়াই দিয়াত মাতৃ-পুত্ৰ মহানগৰীৰ বিভিন্ন ঠাইত আশ্ৰয় লৈ আছিল । ৩১ মাৰ্চত উত্তম কলিতা আৰু তেওঁৰ মাতৃ সাবিত্ৰী কলিতা নিজৰ ঘৰলৈ উভতি আহে যদিও পত্নী জোনালী কলিতাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল ।
উপায়হীন হৈ ঘৰৰ কাষতে লাগি থকা ভাগীনৰ ঘৰত উত্তম কলিতা আৰু মাতৃ সাবিত্ৰী কলিতাই আশ্ৰয় লয় । ঘটনা সন্দৰ্ভত উত্তম কলিতাই স্থানীয় উন্নয়ন সমিতিৰ কাষ চাপিছিল যদিও উন্নয়ন সমিতিৰ বিচাৰ পত্নী জোনালী কলিতাই মানি লোৱা নাছিল । ইয়াৰ বিপৰীতে সোমাবাৰে জোনালী কলিতাই নুনমাটি থানাত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আৰক্ষীয়ে উত্তম কলিতাক গ্ৰেপ্তাৰ কৰে ।