গুৱাহাটী, 19 এপ্ৰিল : বিহুৰ আনন্দ-উল্লাসৰ মাজতে মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত সংঘটিত হয় এক নৃশংস হত্যা কাণ্ড । কোনো দুৰ্বৃত্তই এটি কন্যা শিশুক হত্যা কৰি উটুৱাই দিলে ব্ৰহ্মপুত্ৰ নদীত । 16 এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকা শিশুটিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে 17 এপ্ৰিল বুধবাৰে । শিশুটিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও এইপৰ্যন্ত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷
খাৰঘূলিৰ জয়পুৰত নৃশংস হত্যাকাণ্ড - খাৰঘুলিত হত্যাকাণ্ড
কোনো দুৰ্বৃত্তই এটি কন্যা শিশুক হত্যা কৰি নদীত উটুৱাই দিয়াক লৈ উত্তাল খাৰঘূলি ৷ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷
খাৰঘুলিত হত্যাকাণ্ড
এই হত্যাকাণ্ডই সমগ্ৰ খাৰঘূলি অঞ্চলতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে দোষীক কৰায়ত্ব কৰিব নোৱাৰক লৈ শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল খাৰঘূলি ৷ জয়পুৰৰ মহিলা উন্নয়ন সংগঠনে শিশুটিৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সাব্যস্ত কৰে প্ৰতিবাদ ।