গুৱাহাটী, 19 এপ্ৰিল: উত্তৰ - পূৰ্বাঞ্চলৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত অংশগ্ৰহণ কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ৷ সংবাদমেলত চাংমাই মন্তব্য কৰে যে, এইবাৰৰ নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এইবাৰ দেশবাসীয়ে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰা উচিত ৷ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি চাংমাই কয় যে, মোদী চৰকাৰৰ দিনত দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে । এই চৰকাৰখনে দেশক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হোৱা বুলিও দাবী কৰে চাংমাই ৷
দেশবাসীলৈ মুকুল চাংমাৰ আহ্বান - প্ৰাক্তন মুখ্যমন্ত্ৰী
ৰাজীৱ ভৱনত সংবাদমেলত অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ এই চৰকাৰখনে দেশক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰে চাংমাই ৷ এইবাৰৰ নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মুকুল চাংমাই ৷
![দেশবাসীলৈ মুকুল চাংমাৰ আহ্বান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3052189-thumbnail-3x2-mukul-jpg.jpg)
MUKUL SANGMA'S PRESS MEET
MUKUL SANGMA'S PRESS MEET
নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি মুকুল চাংমাই মন্তব্য কৰে যে, বিজেপি চৰকাৰে ৰাইজৰ প্ৰতিবাদৰ পাছতো বিলখনৰ সমৰ্থন জনাই আহিছে আৰু এই চৰকাৰে উত্তৰ - পূৱৰ ৰাইজৰ মাজত বিভাজন আনিব ৷