গুৱাহাটী, ৩০ জুলাই :৫ লাখ আচল টকাৰ বিনিময়ত ১০ লাখ নকল টকা ল’বলৈ গুৱাহাটীলৈ আহিছিল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ তাহং গাও ৷ তাৰ পিছতে সন্ধানহীন হৈছিল তাহং গাও । ঘটনাৰ লগত জড়িত দুজন লোক ক্ৰমে ঢেকিয়াজুলিৰ দিলীপ দাস আৰু লালুকৰ মইনুল হকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত দুজনে আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহং গাওৰ লগত ৷
সেইমৰ্মে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও ৷ গুৱাহাটীৰ দিছপুৰত প্ৰথমে তাহং গাওৰ সৈতে লগ হৈছিল ধৃত দুয়োজন লোক ৷ পিছত দিছপুৰৰ পৰা নিজৰ কেবত ধৃত দুয়োজনে কোনো অজ্ঞাত স্থানলৈ লৈ গৈছিল তাহং গাওক ৷ তাহং গাওৰ লগত থকা ৫ লাখ টকা কঢ়ি লৈ ভয়-ভাবুকিৰে পিছত পাণবজাৰ এলেকাত ধৃত দুয়োজনে নমাই দিছিল তাহং গাওক ৷
পানবজাৰৰ পৰাই এখন অট'ৰে গৈ তাহং গাওৱে পাইছিল গৈ পাণবজাৰৰ মিনাৰ্ভা হোটেল ৷ দিছপুৰ আৰক্ষীয়ে অভিযান চলায় তাহং গাওক পাণবজাৰৰ পৰা উদ্ধাৰ কৰি সোধপোচ কৰি যাবলৈ দিয়ে । উল্লেখ্য যে সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ তাহং গাৱে নিজৰ ব্যক্তিগত তথা ব্যৱসায়িক কাম-কাজৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল(Tahang Gaon went from Arunachal for business purpose)।