গুৱাহাটী, 4 মাৰ্চ : অসমীয়াৰ জাতীয় সত্তাটোক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰাৰ চেষ্টা কৰিছে বুলি গুৱাহাটী প্ৰেছ ক্লাবত শুক্ৰবাৰে অনুষ্ঠিত সংবাদমেলত আঞ্চলিক গণ মৰ্চা, অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অভিযোগ কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ মাটি আৰু ভেটি নিলাম কৰি এক ভয়ানক আক্ৰমণ আৰম্ভ কৰিছে (MP Ajit Bhuyan against CM Himanta Biswa Sarma)।
মহানগৰীৰ মাজমজিয়াৰ ৰেলৰ ৫৮ বিঘা ভূমি অনা অসমীয়া ব্যৱসায়ীৰ হাতত তুলি দিয়া শেহতীয়া ঘটনাটোৱেই ইয়াৰ জ্বলন্ত উদাৰহণ । তেওঁ কয় যে, এইখন বিজেপি চৰকাৰৰ জাতি বিৰোধী কাম কাজবোৰে অসমীয়াৰ জাতীয়তাবাদী সত্তাটোৰ কফিনত শেষ গজালটো মাৰিবলৈ বি জে পি চৰকাৰ উদ্যত হৈছে । তেওঁ কয় যে, বিজেপি চৰকাৰে জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী (Problem in Jagirod and Cachar paper mill) সকলক ঠগি প্ৰতাৰণাৰ নজিৰ গঢ়িছে ।