অসম

assam

By

Published : Oct 31, 2020, 8:09 PM IST

ETV Bharat / city

আৰক্ষীৰ জব্দকৃত বাহন ৰখাৰ বাবে বিশেষ আস্থান মুকলি

জব্দকৃত আৰু পৰিত্যক্ত বাহন ৰাখিবৰ বাবে আৰক্ষী-প্ৰশাসনে মুকলি কৰিলে বিশেষ আস্থান ৷ শনিবাৰে এই আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

Motor house inaugurated to store seized police cars
আৰক্ষীৰ জব্দকৃত বাহন ৰখাৰ বাবে বিশেষ আস্থান মুকলি

গুৱাহাটী, 31 অক্টোবৰ :জব্দকৃত আৰু পৰিত্যক্ত বাহন এতিয়াৰে পৰা থানা চৌহদত নাথাকিব । গুৱাহাটীৰ গ'ৰলিয়াত এনে অব্যৱহৃত বাহনসমূহ ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে । এই জব্দকৃত বাহন ৰখাৰ বাবে লখৰা কেন্দ্ৰীয় কাৰাগাৰৰ পিছফালে এটা আস্থানৰ ব্যৱস্থা কৰিছে ।

আৰক্ষীৰ জব্দকৃত বাহন ৰখাৰ বাবে বিশেষ আস্থান মুকলি

শনিবাৰে এই আস্থানটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ এই অনুষ্ঠানত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল । উল্লেখ্য যে, এই আস্থানটোৰ ফলত এতিয়াৰে পৰা থানা চৌহদসমূহ পৰিস্কাৰ-পৰিচন্ন হৈ থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ৰূপজ্যোতি কুৰ্মী এজন দায়িত্বশীল ব্যক্তি আৰু বিধায়ক: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details