অসম

assam

ভয়াৱহ ভূমিকম্পই জোকাৰি গ'ল মহানগৰীক !

By

Published : Mar 26, 2019, 4:58 PM IST

Updated : Mar 26, 2019, 8:23 PM IST

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযানত নামিল এনডিআৰএফ, বি এছ এফ আৰু চিভিল ডিফেন্সৰ জোৱান

মহানগৰীৰ হায়াত হাস্পতালত কড্ৰিলৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা

গুৱাহাটী,26 মাৰ্চঃ মঙলবাৰে দিনৰ ১১.২৫ বজাত সংঘটিত হোৱা এক ভয়াৱহ ভূমিকম্পই জোকাৰি গ'ল মহানগৰীৰ হায়াত হাস্পতাল । ভূমিকম্পৰতীব্ৰ জোকাৰণীত কেইবামহলীয়া হাস্পতালখনৰ কেবিন আৰু জেনেৰেল ৱাৰ্ডত ভৰ্তি হৈ থকা তিনিজন ৰোগী সামান্যভাৱে আহত হোৱাৰ লগতে ভীতিগ্ৰস্ত হৈ পৰে আন আন ৰোগী তথা ৰোগীৰ আত্মীয় । ইয়াৰ বিপৰীতে হাস্পতালখনৰ কেইবাজনো কৰ্মচাৰী আবদ্ধ হয় এটা নিৰ্মীয়মান কোঠাত । ভূমিকম্পসংঘটিত হোৱাৰ লগে লগে তৎপৰ হয় হায়াত হাস্পতালৰ নিৰাপত্তাৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দল । ভয়াৱহ দুৰ্যোগৰ খবৰ পাই মুহুৰ্ততে উপস্থিত হয় এনডিআৰএফ, বি এছ এফ আৰু চিভিল ডিফেন্সৰ তিনিটাকৈ সুকীয়া দল । তিনিওটা বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে নামি পৰে উদ্ধাৰ অভিযানত । শাৰীৰিক অৱস্থা অনুসৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ৰোগীসকলক স্থানান্তৰ কৰা হয় হাস্পতাল চৌহদতে গঢ়ি তোলা অস্থায়ী জৰুৰী চিকিৎসা সেৱা কেন্দ্ৰলৈ ৷ ঘটনাস্থলীত সমবেত হয় হাস্পতালৰ কৰ্মচাৰী, চিকিৎসাকৰ্মীকে ধৰি ভালে সংখ্যক ৰোগীৰ অভিভাৱক।

মহানগৰীৰ হায়াত হাস্পতালত কড্ৰিলৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা

ঠিক সেই সময়তে এন ডি আৰ এফৰ টীম কমাণ্ডাৰজনে সমবেত সকলক উদ্দেশ্যি মকড্ৰিলৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰে । যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অধৈৰ্য নহৈ নিৰাপদ স্থানলৈ আতৰি অহাৰ লগতে আনৰ জীৱন ৰক্ষাতো সহায় কৰিব লাগে বুলি মন্তব্যকৰে কমাণ্ডাৰজনে ৷ হায়াত হাস্পতালৰ নিজস্ব দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত ৰূপায়ণকৰা ম'কড্ৰিলত দুৰ্যোগত আঘাতপ্ৰাপ্ত সকলক বিজ্ঞানসন্মতভাৱে উদ্ধাৰৰ কৌশল আৰু প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় বিধি-ব্যৱস্থাও শিকোৱা হয় । হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই কয় যে হায়াত হাস্পতালৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে হাস্পতালৰ বাদেও মহানগৰীত সংঘটিত অগ্নিকাণ্ড, বান, ভূমিকম্পকে আদি কৰি যিকোনো দুৰ্যোগত এন ডি আৰ এফক সদায়ে সহযোগিতা আগবঢ়াব।

Last Updated : Mar 26, 2019, 8:23 PM IST

ABOUT THE AUTHOR

...view details