অসম

assam

ETV Bharat / city

ব্যতিক্ৰমী দৃশ্য : গ'ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল জনপ্ৰতিনিধি - বিধানসভাৰ বাজেট অধিবেশন

সোমবাৰে অসম বিধানসভাৰ চৌহদত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ নিজা বাহনৰ পৰিৱৰ্তে গ’ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল একাংশ জনপ্ৰতিনিধি ৷ বিধানসভা চৌহদত যানজঁট ((Heavy traffic in Assam assembly premises) নিয়ন্ত্ৰণৰ বাবে বিধানসভা সচিবালয়ে ৩৫ লাখ টকা ব্যয়েৰে ক্ৰয় কৰিছিল পাঁচখন ইলেক্ট্ৰিক গ'ল্ফ কাৰ্ট ।

MLAs carried to the assembly by golf cart
MLAs carried to the assembly by golf cart

By

Published : Mar 14, 2022, 1:34 PM IST

গুৱাহাটী, 14 মাৰ্চ : প্ৰথমবাৰলৈ অসম বিধানসভাৰ চৌহদত সোমবাৰে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য । বিধায়ক আৱাসৰ পৰা জনপ্ৰতিনিধি সকলক বিধানসভালৈ আনিলে ইলেক্ট্ৰিক গ’ল্ফ কাৰ্টে (MLAs carried to the assembly by golf cart) । উল্লেখযোগ্য যে, বিধানসভাৰ অধিৱেশন চলি থকা সময়খিনিত বিধানসভা চৌহদত স্বাভাৱিকতে সৃষ্টি হয় প্ৰচণ্ড যানজঁটৰ (Heavy traffic in Assam assembly premises) ।

কিয়নো ১২৬ গৰাকী জনপ্ৰতিনিধি যেতিয়া নিজা নিজা বাহনেৰে একে সময়তে আহি বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমূখত উপস্থিত হয় তেতিয়া এক নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ সৃষ্টি হয় । এই যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ বাবেই অলপতে বিধানসভা সচিবালয়ে ৩৫ লাখ টকা ব্যয়েৰে ক্ৰয় কৰিছিল পাঁচখন ইলেক্ট্ৰিক গ'ল্ফ কাৰ্ট । কেৱল বিধানসভাৰ অধিৱেশন চলাৰ সময়ত কোৱাৰ্টাৰৰ পৰা বিধানসভালৈ জনপ্ৰতিনিধিসকলক অনা-নিয়া কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈকে এই পাঁচখন গ'ল্ফ কাৰ্ট ক্ৰয় কৰা হৈছে (Golf cart in Assam assembly)।

গ'ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল জনপ্ৰতিনিধি

ইয়াৰে এখন বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক অনা-নিয়াৰ বাবে আৰু বাকী চাৰিখন বিধায়কসকলক অনা-নিয়া কৰাৰ বাবে । এই গ'ল্ফ কাৰ্ট কেইখন চলাবলৈ কেইবাগৰাকীও যুৱতী-মহিলাক বিধানসভা সচিবালয়ৰ ফালৰ পৰা প্ৰশিক্ষণো দিয়া হৈছিল । সেইমতেই সোমবাৰৰ পৰা ব্যৱহাৰ কৰা হৈছে পাঁচোখন গ'ল্ফ কাৰ্ট । বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বহুসংখ্যক বিধায়কক নিজা নিজা কোৱাৰ্টাৰৰ পৰা সদনলৈ কঢ়িয়াই আনে এই গ'ল্ফ কাৰ্ট কেইখনে ।

লগতে পঢ়ক :বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

ABOUT THE AUTHOR

...view details