অসম

assam

ETV Bharat / city

গুৱাহাটীৰ কৃষ্ণ নগৰত পুনৰ ৬ জনৰ কৰ'ণা পজিটিভ - গুৱাহাটী

মালিগাঁৱৰ গোশালাৰ কন্টেইনমেন্ট জ'নত লোকসকলৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ কোৱাৰেন্টাইন হৈ থকা লোকসকলক ব্যক্তিগত ফালৰ পৰা অত্যাৱশ্যকীয় কিছু সামগ্ৰী যোগান ধৰিব বুলি জানিবলৈ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায় ।

MLA Ramendra Narayan Kalita Attended At Guwahati Maligaon
গুৱাহাটীৰ কৃষ্ণ নগৰত পুনৰ ৬ জনৰ কৰ'ণা পজিটিভ

By

Published : Jun 13, 2020, 6:14 PM IST

গুৱাহাটী, 13 জুনঃ মহানগৰীৰ মালিগাঁৱৰ গোশালাৰ কৃষ্ণ নগৰত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা পজিটিভ ৷ ইতিমধ্যে উক্ত এলেকাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷

গুৱাহাটীৰ কৃষ্ণ নগৰত পুনৰ ৬ জনৰ কৰ'ণা পজিটিভ

মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা । শেহতীয়াকৈ মালিগাঁও গোশালাৰ কৃষ্ণ নগৰত পুনৰ ৬জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ বাবে উক্ত এলেকাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ শনিবাৰে উক্ত কন্টেইনমেন্ট জ'ন পৰিদৰ্শন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । কন্টেইনমেন্ট জ'নৰ লোকসকলে পৰ্যাপ্ত সা -সুবিধা লাভ কৰিছেনে নাই সেইবোৰ দিশ তদাৰক কৰে বিধায়কগৰাকীয়ে । লগতে এলেকাটোত ব্যক্তিগত ফালৰ পৰা অত্যাৱশ্যকীয় কিছু সামগ্ৰী যোগান ধৰিব বুলি জানিবলৈ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায় । কন্টেইনমেন্ট জ'নটোৰ ওচৰে পাঁজৰে থকা লোকৰ স্বাৱ পৰীক্ষা কৰা হ'ব বুলিও বিধায়কগৰাকীয়ে কয় ।

ইফালে বাঘজানৰ তৈলখাদ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰে বিধায়ক কলিতাই। অইলৰ বিষয়া-কৰ্মাচাৰিৰ গাফিলতিৰ বাবে এয়া সংঘটিত হৈছে বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে কেন্দ্ৰ-ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ কথা কয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । লগতে উক্ত অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক- কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যত ওলাইছে কুমটি,পইতাচোৰা

ABOUT THE AUTHOR

...view details